চাবুৱাত চাহ জনগোষ্ঠীয় প্ৰাইজমানী মহিলা ফুটবল প্ৰতিযোগিতা


  

চাহ জনগোষ্ঠীৰ মহিলা ফুটবল খেলুৱৈসকলৰ মাজত ফুটবল খেল জনপ্ৰিয় কৰিবৰ বাবে তিনিচুকীয়া জিলাৰ ওদালগুৰি চাহ বাগিচাত অনুষ্ঠিত হ'ল প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা।মহিলা ফুটবল খেলুৱৈসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ বাট মুকলি কৰাত ব্ৰতী অসম চাহ জনজাতি মহিলা সমিতি। ফুটবল হৈছে বিশ্বৰ খেলসমূহৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় এবিধ খেল।


বিশ্বৰ বিভিন্ন দেশৰ পুৰুষৰ সমান্তৰালকৈ মহিলা খেলুৱৈসকলৰ মাজতো এই খেলবিধ জনপ্ৰিয়। অসমৰ মহিলাসকলৰ মাজত ফুটবল খেল জনপ্ৰিয় কৰাৰ উদ্দেশ্যৰে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ সীমামূৰীয়া অঞ্চল ওদালগুৰি চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হ'ল প্ৰাইজমানী মহিলা ফুটবল প্ৰতিযোগিতা।এদিনীয়াকৈ অনুষ্ঠিত হোৱা এই মহিলা ফুটবল প্ৰতিযোগিতাখনিত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ ৪ টাকৈ মহিলা ফুটবল দলে অংশগ্ৰহণ কৰে ৷

দলকেইটা হৈছে টি ট্ৰাইবছ গাৰ্লছ একাডেমি(ডিব্ৰুগড়),ডাইমণ্ড এফচি(মৰাণ),এচকেটি গাৰ্লচ এফচি(চাবুৱা),টি ট্ৰাইবচ গাৰ্লছ একাডেমি(তিনচুকীয়া)। টি ট্ৰাইবচ গাৰ্লছ একাডেমি তিনিচুকীয়া আৰু টি ট্ৰাইবছ গাৰ্লছ একাডেমি ডিব্ৰুগড়ৰ মাজত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ট্ৰাইবচ গাৰ্লছ একাডেমি তিনিচুকীয়া দলে ১ গ'লত জয়লাভ কৰে।

অসম চাহ জনজাতি মহিলা সমিতি চাবুৱা শাখাই অনুষ্ঠিত কৰা প্ৰাইজমানী মহিলা ফুটবল প্ৰতিযোগিতাখনত তিনিচুকীয়াৰ বিধায়ক তথা শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা উপস্থিত থাকি মহিলা খেলুৱৈসকলৰ খেল দৰ্শন কৰা লগতে উৎসাহ জনোৱা পৰিলক্ষিত হয়।

মহিলা ফুটবল খেলুৱৈসকলৰ  সুপ্ত প্ৰতিভা বিকাশৰ বাট মুকলি কৰাত ব্ৰতী অসম চাহ জনজাতি মহিলা সমিতিৰ বিষয়ববীয়াসকলৰ এই প্ৰচেষ্টাক স্থানীয় ক্ৰীড়াপ্ৰেমীসকলে একমুখে শলাগ লৈছে।

Post a Comment

Previous Post Next Post