ধেমাজিৰ বঙালমাৰীত নিশা আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় এটা ডকাইত৷ ধেমাজিৰ চুকাফা নগৰত যোৱা ৪ মে’ত সংঘটিত এটা ডকাইতি কাণ্ডত জড়িত কেশৱ নাথ নামৰ এটা ডকাইতে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয়।
আৰক্ষীয়ে কেশৱ নাথক লৈ ডকাইতি কাণ্ডত ব্যৱহাৰ কৰা পিষ্টলৰ সন্ধানত বঙালমাৰীত অনুসন্ধান চলাবলৈ গৈছিল৷ পিষ্টলটো আৰক্ষীক চমজাই দিয়াৰ চলেৰে আৰক্ষীক গুলিয়াবলৈ উদ্যত হৈছিল ডকাইতটো৷
লগে লগে আৰক্ষীয়ে ডকাইতটোলৈ লক্ষ্য কৰি গুলীচালনা কৰাত আহত হয় ডকাইত কেশৱ নাথ৷ নিশাই চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিত্সা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় গুলীবিদ্ধ কেশৱ নাথক৷
