কুংফু প্ৰতিযোগিতাত শিৱসাগৰ দলৰ ১৪ টা সোণৰ পদক


 

সদৌ অসম ভিত্তিত গুৱাহাটীত অনুষ্ঠিত কুংফু প্ৰতিযোগিতাত শিৱসাগৰ দলে বিশেষ সফলতা লাভ কৰিছে। শিৱসাগৰ দলটোৱে ১৪ টা সোণৰ পদক লাভ কৰাৰ লগতে ৮ টা ৰূপৰ আৰু ৭ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।


কুংফু ক্ৰীড়া সন্থা অসম আৰু কামৰূপ জিলা সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাখনি ১৪ মে'ত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ ইন'ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনিত শিৱসাগৰ দলৰ ১৪ গৰাকী প্ৰতিযোগীয়ে সোণৰ পদক লাভ কৰে ।


সোণৰ পদক লাভ কৰা প্ৰতিযোগীসকল হ'ল আৰ্ণা আৰাধ্যা, তাছনীম আহমেদ, অনুপ কুমাৰ, চিন্মই গুৱালা, জিছান আহমেদ, দৰ্পণা দত্ত, এলবাৰ্ট কলিতা, উদয়ন ডেকা, আলিছা খান, জ্যোতিশণা দাস, অভিনৱ নেওগ, পাৰ্ৱেশ আহমেদ, ঋষভ ফুকন আৰু দীপিকা দাস।
ইপিনে ৰূপৰ পদক লাভ কৰে চাহিল আহমেদ, চমহৰ আলী, আয়ান আৰখৱ, ৰাহাত আলি, ৰাইহান উদ্দিন, বিজয় দাস, অৰ্চিত কোঁৱৰ, ডানিয়েল দাসে।

ইয়াৰোপৰি, তনবিৰ হুছেইন, ছাবৰীণ য়াছমীন, মোছফিক হাজৰীকা, আস্ফিক আখটাৰ আহমেদ, নিবিৰ সাধনিধৰ, ৰক্তিম বুঢ়াগোহাঁই, আভীশ্ৰুতি ডেকাই ব্ৰঞ্জৰ পদক লাভ কৰে।

আনহাতে, শ্ৰেষ্ঠ ফাইটাৰ খিতাপ লাভ কৰে আলিছা খানে। শিৱসাগৰ দলটিৰ প্ৰশিক্ষক হিচাপে আছিল চিফু জালালউদ্দিন আহমেদ, ৰিন্তু নেওগ, আবিদুল খান, হাদিউৰ ৰহমান আৰু ৰাজু শৰ্মা। শিৱসাগৰ কুংফু দলটিৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে শিৱসাগৰবাসী।

Post a Comment

Previous Post Next Post