ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তিত কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।
মেষ : দিনটো অন্যমনস্ক হৈ থাকিব পাৰে। কিন্তু কামত মন দিবই লাগিব, অন্যথা কৰ্মক্ষেত্ৰত সমস্যা হ’ব।
বৃষ : যিমান সম্ভৱ নিজৰ স্বাস্থ্যৰ যত্ন ল’ব লাগিব। অন্যথা সমস্যা বাঢ়িব।
মিথুন : গতানুগতিকভাৱে দিনটো পাৰ হ’ব, নিজৰ মনৰ গোপন আবেগৰ সন্মুখীন হ’ব পাৰে।
কৰ্কট : দুঃসাহসী সিদ্ধান্তৰ বাবে কৰ্মক্ষেত্ৰত সুনাম বাঢ়িব, সকলোৰে প্ৰশংসা লাভ কৰিব।
সিংহ : একঘেয়ামী সময়ে ক্লান্ত কৰি তুলিব, মগজু ঠাণ্ডা ৰাখি ছুটিৰ পৰিকল্পনা কৰক।
কন্যা : সমালোচনা এৰি পৰিস্থিতি উপভো৭ কৰক, দিনটো ভালদৰে পাৰ হ’ব।
তুলা : অপ্ৰিয় সত্য ক’বই লাগিব, সিয়ে একমাত্ৰ সকলো সমস্যাৰ সমাধান কৰিব পাৰিব
বৃশ্চিক : সমস্যা এৰাই চলিলে নহ’ব, বৰং বিশ্বাসী কাৰোবাৰ পৰামৰ্শ লৈ আগবাঢ়ক।
ধনু : নিজৰ দুৰ্বলতা আৰু ক্ষমতা কামত হাত দিয়াৰ পূৰ্বে বিচাৰ কৰক।
