আই পি এছ বিষয়া আনন্দ মিশ্ৰক লখিমপুৰৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। বেদান্ত মাধৱ ৰাজখোৱাক বদলিৰ পিছতে তেওঁৰ স্থানত নিযুক্তি দিয়া হয় আনন্দ মিশ্ৰক। বেদান্ত মাধৱ ৰাজখোৱাক সহকাৰী আৰক্ষী মহা পৰিদৰ্শক (ক্ৰীড়া)ৰ দায়িত্ব।
নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক হাইলাকান্দিলৈ বদলি। হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে লীনা দলেক।
ইফালে, হাইলাকান্দিৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তক নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব প্ৰদান কৰা হৈছে।
উল্লেখযোগ্য যে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ পিছতে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক বদলি কৰা হৈছিল। তাৰ পিছতে গৃহ বিভাগে আনন্দ মিশ্ৰক লখিমপুৰ আৰু নৱনীত মহন্তক নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়ে।
