এখন, দুখন নহয় ! একেদিনাই উন্মোচন হ'ল ৩৭ খনকৈ গ্ৰন্থ । পলকতে হাতৰ মুঠিতে উপলব্ধ হ'ব নতুনকৈ উন্মোচিত গ্ৰন্থ কেইখন । নলবাৰী চহৰস্থিত কৃষ্ণনগৰত এ ডি পাব্লিকেশ্যনৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰ্চুৱেলী উন্মোচন কৰা হয় আটাইকেইখন গ্ৰন্থ । 'ট্ৰাটৰি' এপৰ জড়িয়তে পাঠকে পঢ়িব পাৰিব এই গ্ৰন্থ সমূহ ।
বৰ্তমান সময়ত ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো সাহিত্যচৰ্চা কৰি ভাল পোৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাহিত্য ক্ষেত্রৰ সৈতে বহু বিশিষ্ট ব্যক্তিয়ে ৰচনা কৰা সৰ্বমুঠ ৩৭খন গ্ৰন্থ আৰু সাহিত্যৰ সমাহাৰ আজি ভাৰ্চুৱেলী উন্মোচন কৰা হয় ।ইন্টাৰনেটৰ পৃথিবীখনত 'ট্ৰাটৰি\" এপযোগে উপলব্ধ হ'ব এই গ্ৰন্থকেইখন ।
এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোত কেক কাটি আনুষ্ঠানিকভাৱে এপটো ৰাইজৰ বাবে মুকলি কৰা হয় । ইফালে আজিৰ এই অনুষ্ঠানটোত উপস্থিত থাকে এডি পাব্লিকেছনৰ বিষয়া অঞ্জলী দত্ত ,চিকিৎসক ডাঃ হিৰেণ কুমাৰ ভাগৱতীৰ লগতে ভালেসংখ্যক শুভাকাংক্ষী ।
