আজাদী কা অমৃত মহোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ অংশ হিচাপে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে নতুন দিল্লীৰ প্ৰগতি ময়দানত কালিৰে পৰা আয়োজন কৰা তিনিদিনীয়া 'আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় প্ৰদৰ্শনী-২০২৩'ৰ কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰে অসমৰ বিজ্ঞান, প্ৰযুক্তি তথা জলবায়ু পৰিবৰ্তন দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই ।
১৮ মে'ৰ আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱসৰে সংগতি ৰাখি কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ সংগ্ৰহালয় শাখাই আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় প্ৰদৰ্শনীখনৰ দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী 'সংগ্ৰহালয়ৰ ভৱিষ্যৎ-পৰিকল্পনা' বিষয়ক মন্ত্ৰীস্তৰীয় আলোচনাত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ বিশেষ আমন্ত্ৰণত অসমৰ পৰা মন্ত্ৰী মহন্তই অংশগ্ৰহণ কৰে । প্ৰগতি ময়দানৰ ৩ নং সভাগৃহত শুক্ৰবাৰে কেন্দ্ৰীয় সাংস্কৃতিক দপ্তৰৰ কিষাণ ৰেড্ডীৰ সঞ্চালনাত তথা কেন্দ্ৰীয় আইন আৰু ন্যায় দপ্তৰৰ মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু সাংস্কৃতিক তথা বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ড° মীনাক্ষী লেখীৰ উপস্থিতিত হোৱা এই গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লৈ মন্ত্ৰী মহন্তই 'পাৱাৰ পইণ্ট' উপস্থাপনাৰ সহায়ত অসমৰ ঐতিহ্য-সংস্কৃতি তথা ঐতিহাসিক সমল বিষয়ক সংগ্ৰহালয়ৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তি সংগ্ৰহালয়ৰ বৰ্তমানৰ স্বৰূপ আৰু ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে বিস্তাৰিত ভাৱে দাঙি ধৰে ।
সাংস্কৃতিক ঐতিহ্য তথা ঐতিহাসিক সমলৰ সংগ্ৰহালয়ৰ শ্ৰেণীত তেওঁ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ জৰিয়তে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনৰ সংগ্ৰহালয় সঞ্চালকালয়ে অসমৰ পুৰণি ঐতিহাসিক আৰু সামাজিক-সাংস্কৃতিক সমলসমূহৰ উপযুক্ত সংৰক্ষণৰ বাবে লৈ অহা ব্যৱস্থাৱলীৰ লগতে অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ অধীনত ৰাজ্যৰ ২২খন জিলাত বিজ্ঞান সংগ্ৰহালয়ৰ শ্ৰেণীয়ে সামৰা বিজ্ঞান কেন্দ্ৰ তথা তাৰকাগৃহ আৰু সোণাপুৰত নিৰ্মীয়মান বিজ্ঞান নগৰীৰ বিষয়ে সদৰী কৰে ।
