ন্যায়িক জিম্মালৈ প্ৰেৰণ সংগীতা দত্তক। আৰক্ষীৰ জিম্মাৰ অন্তত আজি সংগীতা দত্তক হাজিৰ কৰোৱা হৈছিল আদালতত। আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে সংগীতাক। উল্লেখযোগ্য যে শিশুক আতিশয্য চলোৱাৰ অভিযোগত অভিযুক্ত সংগীতা দত্তৰ স্বামী ৱালিউল ইছলাম কাৰাগাৰতে আছে। তুলি লোৱা শিশুক অমানুষিক আতিশয্য চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল গুৱাহাটীৰ সম্ভ্ৰান্ত চিকিৎসক দম্পতীক।
