কাৰ ভুলৰ বাবে প্ৰাণ গ'ল ভাস্কৰ বৰ্মনৰ ? দ্ৰোণ কেমেৰাৰে ঘটনাস্থলী পৰ্যবেক্ষণ টীয়ক আৰক্ষীৰ



 বিগত ১৭ মে'ত টীয়কৰ জগদুৱাৰত সংঘটিত এক পথ দুৰ্ঘটনাত যোৰহাট অ' এন জি চিত কৰ্মৰত ভাস্কৰ বৰ্মন নামৰ এগৰাকী বিষয়াই পথৰ দূৰবস্থাৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ পাছতে টীয়কৰ বিভিন্ন দল-সংগঠন তথা ৰাইজে উক্ত পথছোৱাৰ ত্ৰুটিসমূহ আঁতৰাই নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছে ।


এই তদন্ত অব‍্যাহত ৰখাৰ সময়তে আজি পুৱাই টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দল ঘটনাস্থলীত উপস্থিত হৈ কি কাৰণত দুৰ্ঘটনাটো সংঘটিত হ'ল তাৰ পৰ্যবেক্ষণ কৰে । আৰক্ষী বিষয়াগৰাকীয়ে দ্ৰোণ কেমেৰা ব্যৱহাৰ কৰি সম্পূৰ্ণ ঘটনাস্থলীৰ ফটো তুলি দৰাচলতে কিয় এইদৰে সঘনাই উক্ত পথছোৱাত দুৰ্ঘটনা সংঘটিত হৈছে তন্ন তন্নকৈ তাৰ কাৰণ জানিবলৈ চেষ্টা চলায় ।উল্লেখযোগ্য যে শিৱসাগৰৰ পৰা যোৰহাট অভিমুখে আহি থকা অৱস্থাত জগদুৱাৰ দলঙৰ সমীপত নিৰ্মিয়মান পথৰ কোনো সাংকেতিক চিহ্ন নাছিল বাবেই ব্যক্তিজনে নিশা পথছোৱা ধৰিব নোৱাৰি এই দুৰ্ঘটনা সংঘটিত হৈছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে অৱগত কৰিছিল ।

অৱশ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে বিভাগীয় কৰ্তৃপক্ষই উক্ত স্থান সম্পূৰ্ণ বন্ধ কৰি সাংকেতিক চিহ্নৰ ফলক ইতিমধ্যে আঁৰি ভৱিষ্যতে যাতে এনে দুৰ্ঘটনা সংঘটিত নহয় তাৰ ব্যৱস্থা লৈছে ।

ইপিনে কাৰ গাফিলতিৰ বাবে এনেবোৰ সৰু-বৰ দুৰ্ঘটনা নিতৌ সংঘটিত হৈছে তাক সঠিকভাৱে জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা পৰিলক্ষিত হৈছে ।

Post a Comment

Previous Post Next Post