মহানগৰীৰ অভিজাত চিকিৎসক দম্পতীৰ ঘৰত শিশু নিৰ্যাতনৰ ঘটনাক লৈ আজি মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমেল সম্বোধন কৰে। বৰাই সংবাদমেলত ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ ঘৰৰ পৰা উদ্ধাৰ কৰা শিশু দুটি সন্দৰ্ভত আৰু তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত অৱগত কৰে।
দিগন্ত বৰাই উল্লেখ কৰা অনুসৰি, পল্টনবজাৰ আৰক্ষী থানালৈ এগৰাকী লোকৰ ফোন অহাৰ পিছতে ঘটনাক লৈ সষ্টম হৈছিল আৰক্ষী। লোকগৰাকীয়ে আৰক্ষীক ফোন কৰাৰ পিছতে আৰক্ষীয়ে লগত মহিলা আৰক্ষীক লৈ শিশুটিক উদ্ধাৰ কৰে।
উদ্ধাৰৰ পিছতে আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰে শিশুটি। চিকিৎসকে শিশুটি অকল শাৰীৰিক নিৰ্যাতনে নহয় যৌন নিৰ্যাতনৰো সন্মুখীন হোৱা বুলি প্ৰকাশ কৰে। আৰক্ষীয়ে লগে লগে শিশুটিৰ পিতৃ ডাঃ ৱালিউল ইছলাম আৰু কাম কৰা মহিলা লক্ষী ৰায়ক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে ডাঃ সংগীতা দত্তক বিচৰা হয় যদিও তেওঁ পলায়ন কৰে। কালি নিশা সংগীতা দত্তক গ্ৰেপ্তাৰ কৰা হয় আৰু আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হয়।
আনহাতে আনটো শিশুৰ ক্ষেত্ৰতো আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে আৰু আজি তেওঁক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰা হয়। পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন এতিয়াও পোৱা নাই যদিও চিকিৎসকে এই বিষয়তো অত্যন্ত স্পৰ্শকাতৰ তথ্য উদঘাটনৰ আশংকা প্ৰকাশ কৰিছে। সেয়া পিছত জানিব পৰা যাব।
আৰক্ষীয়ে ইতিমধ্যে অপৰাধীৰ বিৰুদ্ধে পকছ' আইন (pocso act)ৰ ধাৰা সন্নিৱিষ্ট কৰিছে। আনহাতে মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি শিশু দুটিক বিশেষ তদাৰকত ৰখাৰ ব্যৱস্থা কৰিছে।
আৰক্ষীয়ে ইতিমধ্যে অপৰাধীৰ বিৰুদ্ধে পকছ' আইন (pocso act)ৰ ধাৰা সন্নিৱিষ্ট কৰিছে। আনহাতে মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি শিশু দুটিক বিশেষ তদাৰকত ৰখাৰ ব্যৱস্থা কৰিছে।
