শিশু নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ডাঃ সংগীতা দত্তক পাঁচ দিনৰ আৰক্ষীৰ জিম্মাত দিয়া হৈছে। আজি মনোৰোগ বিশেষজ্ঞাগৰাকীক আজি ন্যায়ালয়ত হাজিৰ কৰোৱাৰ পিছত আদালতে এই নিৰ্দেশ দিয়ে। অৱশ্যে আৰাক্ষীয়ে ৭ দিনৰ জিম্মাত বিচাৰিছিল সংগীতা দত্তক।
ইফালে, সংগীতা দত্তই আদালতলৈ নিয়াৰ সময়ৰ দৰে আদালততো আৰক্ষীৰ বেহুৰ মাজৰ পৰা পুনৰ কৈ গ'ল 'এয়া ষড়যন্ত্ৰ'। এতিয়ালৈ নিৰ্যাতনৰ কোনো কথা স্বীকাৰ কৰা নাই যদিও দত্তৰ কণমানি সন্তানৰ দেহত নিৰ্যাতনৰ ভয়ংকৰ তথ্য উন্মোচন হৈছে। এতিয়া আৰক্ষী জিম্মাত থকাৰ সময়ত নতুন নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
