মাৰ্ঘেৰিটা কাণ্ডৰ মূল অভিযুক্ত আনন তাঁতীৰ পুত্ৰৰ আত্মসমৰ্পণ। তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ। আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আনন তাঁতীৰ পুত্ৰক। যদিও ৩ মে’ৰ পৰা পলাই আছিল আনন তাঁতীৰ পুত্ৰ। আৰক্ষীয়ে বৰ্তমান সোধা–পোছা অব্যাহত ৰাখিছে।
উল্লেখযোগ্যে এগৰাকী কিশোৰীক হত্যা কৰি শৌচাগাৰৰ টেংকীত সোমাই ৰখাৰ ঘটনাত অভিযুক্ত আনন তাঁতী। আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আননক। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ সময়ত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছিল আনন তাঁতী।
