ছচিয়েল মিডিয়াত সময়ে সময়ে ভাইৰেল হৈ থাকে বিভিন্ন অপ্তিকেল ইলুজন। ইনষ্টাগ্ৰামত অপ্তিকেল ইলুজন নামৰ পেজৰ পৰা এইখন ফটো শ্বেয়াৰ কৰা হৈছে। ফটোখনত এটা ৰঙা বৃত্ত আছে। দাবী কৰা হৈছে, এই ৰঙা বৃত্তটোৰ ফালে ৩ ছেকেণ্ড চাই থাকিলে দেখা পাব এটা জন্তু। এয়া কি জন্তু হ’ব পাৰে, তাৰ দুটা বিকল্প দিয়া হৈছে। কেপচনত লিখা হৈছে, ‘কিবা দেখিছেনে? মূৰ ঠাণ্ডা কৰি এই ৰক্ষা বৃত্তটোৰ ফালে চাই থাকক।’’
ভাইৰেল হোৱা এই ফটোখনক লৈ বিভ্ৰান্ত নেটিজেন। তেওঁলোকে কৈছে, এয়া কেৱল এটা বৃত্ত মাত্ৰ, ইয়াৰ মাজত একো নাই। কোনোৱে আকৌ কৈছে, এয়া কোনো অপ্তিকেল ইলুজন নহয়, কেৱল এখন ফটোগ্ৰাফ।
কিন্তু সঁচাকৈ এয়া এক দৃষ্টি বিভ্ৰমকাৰী ফটো। দৃষ্টিশক্তি পৰীক্ষা কৰাৰ বাবে এই বৃত্তটো তৈয়াৰ কৰিছে প্লেবাজৰ জেক অনেইল নামৰ এজন আৰ্টিষ্টে। বহুতে এই ৰঙা বৃত্তটোৰ মাজত এখন ফটো দেখা পাইছে ঠিকেই। কিন্তু সেই ছপি কিহৰ, সেয়া ক’ব পৰা নাই। কোনো কোনোৱে আকৌ ধৰিব পাৰিছে, ৰঙা বৃত্তটোত আছে এটা জন্তু। কিন্তু সেয়া আচলতে কি জন্তু সেয়া স্পষ্টকৈ ক’ব পৰা নাই।এইবাৰ আপোনাৰ পাল। ভালকৈ ফটোখনৰ ফালে চাওক। ৰঙা বৃত্তটোৰ ভিৰতৰত কোনো জন্তু দেখিবলৈ পাইছে নেকি? ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ একাংশই এয়া দেখা পোৱাৰ বিপৰীতে আন এটা অংশই ধৰিব পৰা নাই। বহু ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ৰঙা বৃত্তটোৰ মাজত আছে এটা ঘোঁৰা। আৰু সেয়াই সঠিক উত্তৰ। ৰঙা বৃত্তটো আচলতে এটা ঘোঁৰাৰ ওপৰতে অকা হৈছে।কিন্তু ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলৰ একাংশই কৈছে, এই ফটোখনত এটা গৰু আছে। কোনোৱে আকৌ কৈছে, ইয়াত কুকুৰ আছে। কোনোৱে সিং, কোনোৱে গাধ দেখা বুলিও দাবী কৰিছে। সঠিক উত্তৰটো হ’ল, এই ৰঙা বৃত্তটোৰ ফালে আপুনি ৩ ছেকেণ্ড চাই থাকিলে এটা ঘোঁৰা দেখিবলৈ পাব।
