মহানগৰীত পুনৰ নাহৰফুটুকীৰ আতংক ! ফটাশিলত নাহৰফুটুকীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত দুজন লোক


 

গুৱাহাটী মহানগৰীত পুনৰ নাহৰফুটুকীৰ আতংকই সংকিত কৰিছে সকলোকে। আজি পুৱা ফটাশিল জি.এছ কলনীত এটা প্ৰকাণ্ড নাহৰফুটুকী ওলাল। নাহৰফুটুকীটোৱে দুজনকৈ লোকক আক্ৰমণ কৰে।


নাহৰফুটুকীটোৱে এগৰাকী মহিলা আৰু এজন পুৰুষক বেয়াকৈ আক্ৰমণ কৰে। এই আক্ৰমণত লোক কেইজন আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত লোক দুজনক ততাতৈয়াকৈ গুৱাহাটীৰ মাৰোৱাৰী হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক GMCHলৈ নিয়া হৈছে ।

জানিব পৰা মতে নাহৰফুটুকীটোৱে এটা কুকুৰো ভক্ষণ কৰিছে। নাহৰফুটুকীটোৰ সন্ত্ৰাসত অঞ্চলটোৰ লোকসকল ত্ৰস্তমান হৈছে। এনেদৰে প্ৰায়েই অঞ্চলটোত নাহৰফুটুকীৰ বিচৰণ হয় বুলি স্থানীয় লোকে অভিযোগ তুলিছে।

Post a Comment

Previous Post Next Post