ধূপধৰাত খাদ্যৰ বিষক্ৰিয়া হৈ এগৰাকীৰ মহিলাৰ মৃত্যু হৈছে। মৃত মহিলাগৰাকীৰ নাম ৰেণুৱালা চাংমা। গোৱালপাৰা অসামৰিক চিকিৎসালয়ত মহিলাগৰাকীৰ মৃত্যু হয়।
উল্লেখ্য যে, গোৱালপাৰাৰ ধূপধৰাৰ মৰিয়ামপুৰত খাদ্যৰ বিষক্ৰিয়া হৈ ২০০ৰো অধিক লোক অসুস্থ হৈছিল। গাওঁখনত এগৰাকী বৃদ্ধাৰ মৃত্যুত পৰিয়ালে ভোজভাতৰ আয়োজন কৰিছিল। এই ভোজভাত খাই গাওঁখনৰ একাংশ শিশু, পুৰুষ, মহিলা, বৃদ্ধ সকলো অসুস্থ হৈ পৰিল। ভোজভাতত চালানী মাছ খাই লোকসকল অসুস্থ হৈছিল। আনহাতে, যিসকল লোকে মাছ খোৱা নাছিল, সেইসকল লোক অসুস্থ হোৱা নাছিল।
