সোমবাৰে ৰাজস্থানৰ হনুমানগড়ৰ সমীপত ভাৰতীয় বায়ুসেনাৰ MIG-21 যুদ্ধ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ দুজন লোকৰ মৃত্যু হয়।
সূত্ৰৰ উদ্ধৃতিৰে সংবাদ সংস্থা ANIয়ে প্ৰকাশ কৰা অনুসৰি বিমানখনৰ পাইলটে পেৰাচুট ব্যৱহাৰ কৰি মাটিত অৱতৰণ কৰাৰ পিছত বৰ্তমান নিৰাপদে আছে।
বিবৃতিটোত লগতে কোৱা হৈছে যে দুৰ্ঘটনাৰ কাৰণ জানিবলৈ তদন্ত বাহিনী গঠন কৰা হৈছে।হনুমানগড় জিলাৰ বাহলোলনগৰত বিমানখন সাধাৰণ লোকৰ ঘৰত খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হোৱাত ৩ গৰাকী ব্যক্তিৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে লগতে কয় যে উদ্ধাৰ অভিযান চলি আছে।
খবৰ অনুসৰি, চুৰাটগড়ৰ পৰা উৰা মাৰিছিল বিমানখন।
টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি ১৯৭১-৭২ চনৰ পৰা ৪০০ৰো অধিক MIG-21 বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে, য’ত ২০০ৰো অধিক পাইলট আৰু মাটিত থকা আন ৫০ জন লোকৰ মৃত্যু হৈছে।
২০১২ চনত প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী এ কে এণ্টনীয়ে সংসদত কৈছিল যে ৰাছিয়াৰ পৰা ক্ৰয় কৰা ৮৭২খন মিগ বিমানৰ আধাতকৈ অধিক দুৰ্ঘটনাগ্ৰস্ত হৈছে, য’ত ১৭১ জন পাইলট, ৩৯ জন সাধাৰণ লোক আৰু আন আঠজন সেৱাৰ লোককে ধৰি ২০০ৰো অধিক ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে।
বিশেষজ্ঞসকলৰ মতে দীৰ্ঘদিন ধৰি ভাৰতীয় বায়ুসেনা (IAF)ত কোনো নতুন যুদ্ধ বিমান অন্তৰ্ভুক্ত নোহোৱাৰ বাবে সমগ্ৰ ওজন MIG-21ত আছে, যিটোও দুৰ্ঘটনাৰ আঁৰৰ অন্যতম কাৰণ।

Tags:
National