লকআপৰ ভিতৰত হেনো অক্সিজেন নাপায়! ওৰেনিশা চিঞৰ–বাখৰ কৰি আৰক্ষীক হাৰাশাস্তি সংগীতা দত্তৰ


 

শিশুক আতিশয্য চলোৱা ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামী ৱালিউল ইছলাম বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। গ্ৰেপ্তাৰৰ পিছতো ইটোৰ পিছত সিটো কাণ্ডৰে চৰ্চা লাভ কৰিছে ডাঃ সংগীতা দত্তই। ডাঃ ৱালিউলে যদি লকআপত ফলৰ ৰস বিচাৰিছে, সংগীতা দত্তই আকৌ গ্ৰেপ্তাৰৰ সময়ত মেকআপ কৰিবলৈ সময় বিচাৰিছে।


ইফালে, আৰক্ষীৰ জিম্মাত থকা সংগীতা দত্তই লকআপৰ ভিতৰতো চিঞৰ–বাখৰ কৰা বুলি জানিব পৰা গৈছে। লকআপৰ ভিতৰত হেনো অক্সিজেন নাপায়, সেয়ে লকআপৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ আৰক্ষী থানাত চিঞৰ–বাখৰ লগাই সংগীতাই। ওৰেনিশা চিঞৰ–বাখৰ কৰি আৰক্ষীক হাৰাশাস্তি কৰে সংগীতা দত্তই।

আনহাতে, এই ঘটনাৰ পিছতো যেন অকণো অনুতপ্ত নহয় সংগীতা দত্ত। আৰক্ষী থানাত ভৰিৰ ওপৰ ভৰি তুলি চকীত বহি নিশা কটালে সংগীতা দত্তই। উল্লেখযোগ্য যে ৫ দিনৰ বাবে সংগীতা দত্তক জিম্মাত লৈছে আৰক্ষীয়ে।

ইফালে, সংগীতা দত্তৰ ঘৰত বন কৰা আন এগৰাকী মহিলাকো আটক কৰিছে আৰক্ষীয়ে। নিশা আটক কৰাৰ পিছত পাণবজাৰ মহিলা আৰক্ষী থানাত ৰখা হৈছে বনকৰা মহিলাগৰাকীক। এই মহিলাগৰাকীৰ পৰাও আৰক্ষীয়ে বিতৰ্কিত চিকিৎসক দম্পতীৰ কেতবোৰ ভয়ংকৰ তথ্যৌ লাভ কৰা বুলি জানিব পৰা গৈছে।

Post a Comment

Previous Post Next Post