ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে, এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।
মেষ : নিজৰ গুৰুত্বপূৰ্ণ তথ্য আৰু নথিপত্ৰ যত্ন কৰি ৰাখিব লাগিব। আনৰ সৈতে ভাল সম্পৰ্ক সৃষ্টি কৰাৰ বাবে ভাল সময়।
বৃষ : এই ৰাশিৰ জাতক–জাতিকাৰ জীৱনৰ বিশেষ কিছু মানুহৰ ব্যৱহাৰৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিব পাৰে।
মিথুন : এই ৰাশিৰ জাতক–জাতিকাৰ বাবে খুবেই ভাল সময়ে অপেক্ষা কৰিছে। তেওঁলোকে আত্মবিশ্বাসী হৈ উঠিব আৰু বহুদিনৰ চেষ্টাৰ ফল লাভ কৰিবলৈ আৰম্ভ কৰিব।
কৰ্কট : এই ৰাশিৰ জাতক–জাতিকাৰ সিদ্ধান্তৰ ওপৰত আনৰ ভাগ্য নিৰ্ভৰ কৰিছে। ইয়াৰ ফলত ভাৱনা–চিন্তা কৰি সিদ্ধান্ত গ্ৰহণ কৰা প্ৰয়োজন।
সিংহ : এই ৰাশিৰ জাতক–জাতিকাসকলে কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে কিছু অপেক্ষা কৰা প্ৰয়োজন। আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিলে লাভ হোৱাৰ সম্ভাৱনা আছে।
কন্যা : এই ৰাশিৰ জাতক–জাতিকাসকলে কাৰো পৰা ধাৰ ল’লে সেয়া শীঘ্ৰে ওভতাই দিয়া উচিত। ঘনিষ্ঠ কোনো বন্ধুৱে অবিশ্বাস কৰা আৰম্ভ কৰিব পাৰে।
তুলা : এই ৰাশিৰ জাতক–জাতিকাৰ ওচৰত হেৰাই যোৱা সুযোগ পুনৰ ঘূৰি আহিব। পেলাই ৰখা কাম শীঘ্ৰে শেষ কৰা প্ৰয়োজন।
বৃষ্টিক : এই ৰাশিৰ জাতক–জাতিসকলে নিজকে নতুনকৈ বিচাৰি পাব। তেওঁলোকৰ ব্যস্ততা বৃদ্ধি পাব। লগতে নতুন নতুন সুযোগ লাভ কৰিব।
ধনু : নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ধনু ৰাশিৰ জাতক–জাতিকাসকলে সঠিক সিদ্ধান্ত গ্ৰহণ কৰা প্ৰয়োজন। আৰ্থিক বিষয়ত কিছু সমস্যা থাকিলেও সেয়া দূৰ হ’ব।
মকৰ : এই ৰাশিৰ জাতক–জাতিকাই সকলো সময়তে সতৰ্ক হৈ থকা প্ৰয়োজন। প্ৰিয়জনৰ স্বাস্থ্য সংক্ৰান্তীয় বিষয়ক লৈ উদ্বেগ বাঢ়িব পাৰে।
কুম্ভ : এই ৰাশিৰ জাতক–জাতিকাৰ বাবে নতুন সুযোগে অপেক্ষা কৰিছে। কিন্তু পুৰণি কাৰো সৈতে দেখা কৰাৰ পূৰ্বে চিন্তা–ভাৱনা কৰা প্ৰয়োজন।
মীন : এই ৰাশিৰ জাতক–জাতিকাৰ নিজৰ প্ৰতিভা আনৰ আগত অধিক তুলি ধৰিব পাৰিব। ৰিয়েল ইষ্টেটত বিনিয়োগ কৰাৰ বাবে ভাল সময়।
