গুৱাহাটীৰ চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতনৰ অভিযোগক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। আজি তিনি বছৰীয়া কণমানিজনীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। GMCHৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই কয়, ‘‘বৰ্তমান সুস্থ হৈ আছে তিনি বছৰীয়া কণমানিজনী। সকলোবিলাক পৰীক্ষা কৰা হৈছে কণমানিগৰাকীৰ।’’
ইফালে, বনকৰা মহিলাগৰাকীয়ে থানাৰ পৰা চি জে এম আদালতলৈ নিয়াৰ সময়ত কয়, ‘‘মই একো কৰা নাই। সংগীতাই কৈছে বাবেহে মই কৰিছিলো।’’
আনহাতে, ডাঃ ৱালিউৰ ৰহমানক পল্টন বজাৰ থানাৰ পৰা চিকিৎসালয়লৈ নিয়া হয়। তাৰ পিছতে আদালতত হাজিৰ কৰোৱা হ’ব। এতিয়াও পলাতক হৈ আছে ডাঃ সংগীতা দত্ত। এডিচিপি চেন্ট্রেল নন্দিনী কাকতিয়ে কয়, ‘‘কেইবাটাও টীম বনাই মহানগৰ আৰক্ষীয়ে সংগীতা দত্তক বিচাৰি আছে। ৩ বছৰীয়া কণমানিগৰাকীৰ দেহত বহুতো গুৰুতৰ আঘাত চিন পোৱা গৈছে। পূৰণি আঘাতো পোৱা গৈছে কণমানিগৰাকীৰ দেহত। সকলো পৰীক্ষা কৰা হৈছে কণমানিগৰাকীৰ।’’
