চিকিৎসক ডাঃ সংগীতা দত্তক অৱশেষত গ্ৰেপ্তাৰ হ'ল। শনিবাৰে নিশা ১ বাজি ৪৫ মিনিটত পল্টনবজাৰ আৰক্ষীয়ে খানাপাৰাৰ পৰা চিকিৎসকগৰাকীক গ্ৰেপ্তাৰ কৰে। তেওঁক মেঘালয়ৰ ৰিভয় জিলাৰ আমচিং এলেকাৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে কৰায়ক্ত কৰে।
ডাঃ সংগীতাক গ্ৰেপ্তাৰৰ পাছতেই পল্টনবজাৰ থানাৰ পৰা স্বাস্থ্য পৰীক্ষাৰ বাবে ধীৰেনপাৰা চিকিৎসালয়লৈ লৈ যোৱা হয়। স্বাস্থ্য পৰীক্ষাৰ পিছতেই আৰক্ষীয়ে সংগীতা দত্তক পানবজাৰ মহিলা থানালৈ নিয়ে। চিকিৎসক সংগীতা দত্তক নিশা পানবজাৰ মহিলা থানাতে ৰখা হয়।
গুৱাহাটীৰ চিকিৎসক দম্পতী ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামী ডাঃ ৱালিউল ইছলামৰ বিৰুদ্ধে শিশু নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। তোলনীয়া কন্যাক নিৰ্যাতনৰ অভিযোগত পল্টন বজাৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা ডাঃ ৱালিউল ইছলামক আটক কৰে। চিকিৎসক দম্পতীৰ বিৰুদ্ধে শিশুটিক ঘৰৰ ছাঁদত প্ৰখৰ ৰ’দত বান্ধি থোৱাৰ অভিযোগ উত্থাপন হৈছিল। বৰ্তমান নিৰ্যাতিত শিশুটিক আৰক্ষীয়ে চাইল্ড লাইনৰ হাতত গতাই দিছে।
ইতিমধ্যে পল্টনবজাৰ আৰক্ষীয়ে চিকিৎসক দম্পতীৰ ঘৰৰ কেয়াৰটেকাৰকো গ্ৰেপ্তাৰ কৰিছে। ঘৰৰ কেয়াৰ টেকাৰজনে শিশুটিক বান্ধিছিল বুলি অভিযোগ উঠিছে। ডাঃ ৱালিউল ইছলাম আৰু বনকৰা মহিলাৰ বিৰুদ্ধে পল্টন বজাৰ থানাত ১৯৩/২৩ নম্বৰৰ গোচৰৰ পঞ্জীয়ন হৈছে আৰু ৩০৭/৩২৫/৩৪১/৩৪ ধাৰা লগোৱা হৈছে।