শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনত ব্যতিক্ৰমী প্ৰয়াস : ৭০ খনৰো অধিক বিদ্যালয়ৰ অংশগ্ৰহণ


 

ৰাজ্যৰ ভিতৰতে এখন ব্যতিক্ৰমী বিহু সন্মিলনে দৃষ্টি কাঢ়িছে হেজাৰ হেজাৰ অসমীয়াৰ। কেৱল হুঁচৰি, জেং বিহু, বিহু নাচ, ঢোলবাদন, পেঁপা বাদনতে সীমাবদ্ধ নাথাকি বিহুৰ লগত জড়িত সকলো দিশ তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে বিহু সন্মিলনখনত। অসমীয়া সংস্কৃতিৰ বৰপেৰাৰ প্ৰতিচ্ছবিখন ফুটাই তুলিবলৈ যত্ন কৰিছে উদ্যোক্তাসকলে।


ইমানেই নহয়, নৱ প্ৰজন্মক অসমীয়া সংস্কৃতিৰ সম্যক জ্ঞান দিবলৈ, বিভিন্ন তথ্যৰ বিষয়ে জনাবলৈ প্ৰয়াস কৰা হৈছে বিহু সন্মিলনখনৰ মঞ্চত। হয়, সাধাৰণতে দেখা বিহু সন্মিলনসমূহৰ তুলনাত কিছু ব্যতিক্ৰমী, ইতিবাচক পদক্ষেপৰ সমাহাৰ দেখা গৈছে শিৱসাগৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত কৰা ২৬ সংখ্যক "শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলন"ত ।

ইয়াৰ বাবে অভিলেখ সংখ্যক শিক্ষানুষ্ঠান তথা ছাত্ৰ–ছাত্ৰীয়ে বিহু সন্মিলনখনৰ মঞ্চত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বিহু সন্মিলনখনত যোৱা দুদিনত হুঁচৰি প্ৰতিযোগিতাত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৬০-৭০ খন চৰকাৰী, বেচৰকাৰী বিদ্যালয়ৰ ৭০ টাৰো অধিক হুঁচৰি দলে ( বিভিন্ন বিদ্যালয়সমূহৰ ছাত্ৰ–ছাত্ৰীৰে গঠিত এই হুঁচৰি দলসমূহ) হুঁচৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । যিটো এটা অভিলেখ।

১২০০ ৰো অধিক ছাত্ৰ–ছাত্ৰীয়ে হুঁচৰিৰ উপৰি ঢোল বাদন, বিহু নাচ আদিত অংশগ্ৰহণ কৰিছে । ইপিনে কালি বিহু তথা অসমীয়া সংস্কৃতিক কেন্দ্ৰ কৰি অসম ভিত্তিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় "কুইজ" প্ৰতিযোগিতা।

অসমৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ ৪১ টা দলে অংশগ্ৰহণ কৰে এই কুইজ প্ৰতিযোগিতাত। ব'হাগ বিহু, মাঘ বিহু, কাতি বিহুৰ উপৰিও লোক সংস্কৃতিৰে জড়িত বিভিন্ন প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হয় প্ৰতিযোগিতাখনিত। কুইজ মাষ্টাৰ নৱজ্যোতি শৰ্মা আৰু শিক্ষক নৱনীত হাজৰিকাই পৰিচালনা কৰা এই কুইজ প্ৰতিযোগিতাখনত জঁকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ে প্ৰথম স্থান, শিৱসাগৰ জুনিয়ৰ কলেজে দ্বিতীয় স্থান, দিখৌমুখ কলেজে তৃতীয় আৰু যোৰহাট জে বি কলেজে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয় ।

"বিহুৰ বিষয়ে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিছে চৰকাৰে। এয়া আদৰণীয় । সমান্তৰালকৈ বিদ্যালয়ৰ চাৰিবেৰৰ পৰা ওলাই ছাত্ৰ–ছাত্ৰীসকলে হুঁচৰি প্ৰতিযোগিতাত জেং বিহু প্ৰতিযোগিতাত, বিহু বিষয়ক কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা কাৰ্যই তেওঁলোকক অসমীয়া সংস্কৃতিৰ বিষয়ে জনাত অধিক সহায়ক আৰু আগ্ৰহী কৰি তুলিব। "এইদৰে মন্তব্য কৰিছে শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ প্ৰধান সম্পাদক শৰৎ হাজৰিকাই ।

তেওঁ লগতে বিহু সন্মিলনখন অনুষ্ঠিত কৰাত সহায় কৰা প্ৰতিগৰাকী ব্যক্তি, অনুষ্ঠানলৈ কৃতজ্ঞতা প্ৰকাশ কৰে। লক্ষণীয় যে বিহু সন্মিলনলৈ অহা সকলো ছাত্ৰ-ছাত্ৰীকে আহাৰ খোৱাৰো ব্যৱস্থা কৰা হৈছে ।

ইপিনে কালি কুইজ প্ৰতিযোগিতাৰ উপৰিও সদৌ অসম ভিত্তিত বৰ বিহুৱতী প্ৰতিযোগিতা, আমন্ত্ৰিত হুঁচৰি দলৰ দ্বাৰা হুঁচৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয় । আনহাতে আজি বিয়লি ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা , সন্মিলনৰ স্মৃতি গ্ৰন্থ \"বৰ্হমথুৰি\" উন্মোচন কৰা হ'ব । সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে ।

Post a Comment

Previous Post Next Post