শনিবাৰে নিশা বকোত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, দুয়োটা পৃথক পথ দুৰ্ঘটনাত থিতাতে চাৰিজন লোক নিহত হয়।
প্ৰথমটো দুৰ্ঘটনা বকোৰ চকাবাহাত সংঘটিত হয়। এখন অচিনাক্ত বাহনৰ খুন্দাত থিতাতে এজন লোক নিহত হোৱাৰ লগতে দুজন লোক গুৰুতৰভাবে আহত হয়৷ নিহত লোকজন বকোৰ মৌমানৰ দয়াল ৰাভা বুলি চিনাক্ত কৰা হৈছে ৷ আহত লোক দুজন কৃষ্ণ কান্ত ৰাভা আৰু ৰিটাৰ্ন ৰাভা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আহত লোক দুজনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।
আনহাতে, দ্বিতীয় দুৰ্ঘটনাটো বকোৰ শিংৰাত সংঘটিত হয়৷ বৰযাত্ৰীৰ এল্টʼ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাত থিতাতে তিনিজনকৈ লোকে প্ৰাণ হেৰুৱায়। নিহত তিনিজন বকোৰ নগৰবেৰাৰ ৰূপেশ চৌধুৰী, ভাস্কৰ ঠাকুৰীয়া আৰু মানস পাঠক বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি এই দুৰ্ঘটনাটোত আহত হোৱা আন তিনিজন লোকৰ ভিতৰৰ দুজনৰ অৱস্থা সংকটজনক। আহত লোক দুজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ নগৰবেৰাৰ পৰা বকোলৈ যোৱা বৰযাত্ৰীৰ বাহনখন ওভতাৰ পথত বকোৰ এই পথ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত হোৱা এল্টো বাহনখন AS01 EE 6267 নম্বৰৰ আছিল।
Tags:
National
