karnataka Assembly Election 2023: বৰ্তমানলৈ কৰ্ণাটকত কংগ্ৰেছৰ ১৮ খন আসনত জয়লাভ


 

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগণনা (Karnataka Election Result 2023) অব্যাহত আছে। এই পৰ্যন্ত ২৫ গৰাকী প্ৰৰ্থীয়ে জয়লাভ কৰিছে। কৰ্ণাটকৰ চামৰাজনগৰ সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী  চি. পুট্টাৰংগচেট্টি বিজয়ী হৈছে। লগতে বাংগালোৰ নগৰৰ চামৰাজপেট সমষ্টিৰ পৰা কংগ্ৰেছৰ বি.জেড. জামিৰ আহমেদ খান আৰু চিত্ৰদুৰ্গা চল্লাকেৰে সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী টি. ৰঘুমূৰ্তিয়ে জয় লাভ কৰিছে।


বাংগালোৰ নগৰৰ শান্তিনগৰ সমষ্টিৰ পৰা এন. এ. হাৰিছ, গদগৰ ৰন সমষ্টিৰ পৰা গুৰুপদগৌদা সংগানাগৌদা পাটিল আৰু চামৰাজনগৰৰ কলিগাল সমষ্টিৰ পৰা এ.আৰ.কৃষ্ণমূৰ্তি বিজয়ী হৈছে। এই আটাইকেইজন নেতা কংগ্ৰেছ দলৰ পৰা জয়লাভ কৰিছে।

আনহাতে, হাছান সমষ্টিৰ পৰা JDSৰ প্ৰাৰ্থী এইচ পি স্বৰূপ বিজয়ী হৈছে। ইয়াৰোপৰি বিজেপিয়ে ৬খন আসন দখল কৰিবলৈ সক্ষম হৈছে।এই মুহূৰ্তলৈ ভোট গণনাৰ ট্ৰেণ্ড অনুসৰি কংগ্ৰেছ দল আগবাঢ়ি থকা দেখা গৈছে। ইয়াৰোপৰি বিজেপিয়েও বহু কেইটা আসনত দ্ৰুতগতিত অগ্ৰগতি লাভ কৰিছে। অৱশ্যে জেডিএছ এতিয়ালৈ বহু পিছ পৰি আছে।

Post a Comment

Previous Post Next Post