আজি বলীউড অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমী পাৰ্টিৰ (আপ) নেতা ৰাঘৱ চাদ্দাৰ দিল্লীৰ কাপুৰথালা হাউচত বাগদান (Engagement) সম্পন্ন হ’ব। এক সূত্ৰ অনুসৰি, দুয়োৰে পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গকে ধৰি মুঠ ১৫০জন লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। পৰিণীতিৰ ভগ্নী তথা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক শনিবাৰে পুৱা দিল্লী বিমানবন্দৰত দেখা পোৱা গৈছে।
ইফালে, পৰিণীতি চোপ্ৰাৰ খুড়ী তথা প্ৰিয়ংকা চোপ্ৰাৰ মাতৃ মধু চোপ্ৰাই পিংকভিলাৰ সৈতে এক সাক্ষাৎকাৰত পৰিণীতি আৰু ৰাঘৱক অভিনন্দন জনায়। তেওঁ কয় যে, ‘‘পৰিণীতি আৰু ৰাঘৱৰ বাবে মই অত্যন্ত সুখী। আমাৰ আশীৰ্ব্বাদ দুয়োৰে সৈতে আছে।’’
পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্দাই এই সপ্তাহৰ আৰম্ভণিতে মুম্বাইৰ পৰা দিল্লীলৈ গৈছিল। এই বছৰৰ আৰম্ভণিতে মুম্বাইৰ এটা ভোজনালয়ত দুয়োকে একেলগে দেখা পোৱা গৈছিল আৰু তেতিয়াৰে পৰা তেওঁলোকৰ বিয়াৰ বিষয়ে ওলাবলৈ লৈছিল। ইয়াৰ পিছত দুয়োকে একেলগে কেইবাবৰো বিমানবন্দৰত দেখিবলৈ পোৱা গৈছিল।
তেওঁলোকক এই মাহৰ আৰম্ভণিতে মোহালিত পঞ্জাৱ কিংছ বনাম মুম্বাই ইণ্ডিয়ানছৰ IPL২০২৩ ৰ খেল চোৱা দেখা গৈছিল। ছবিবোৰ নিশ্চিতভাৱে ভাইৰেল হৈছিল। সংবাদ সংস্থা এএনআইৰ মতে, পৰিণীতি আৰু ৰাঘৱে লণ্ডন স্কুল অৱ ইকনমিক্সত একেলগে অধ্যয়ন কৰিছিল আৰু দীৰ্ঘদিন ধৰি বন্ধু হিচাপে আছে। তেওঁলোকে ইজনে সিজনক ইনষ্টাগ্ৰামত অনুসৰণ কৰে।
পৰিণীতি চোপ্ৰাই ২০১১ চনৰ ৰোমাণ্টিক কমেডি ফিল্ম ‘লেডিজ বনাম ৰিকি বেহেল’ৰ জৰিয়তে অভিনয়ৰ জীৱনআৰম্ভণি কৰিছিল। তাত তেওঁ ৰণবীৰ সিং আৰু অনুষ্কা শৰ্মাৰ সহ-অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল। পৰিণীতিক শেষবাৰৰ বাবে সূৰজ বৰজাতিয়াৰ ‘উন্চাই’ত দেখা পোৱা গৈছিল। পৰিণীতি চোপ্ৰাই কৰা চলচ্চিত্ৰৰ ভিতৰত আছে– কোড নেম: তিৰংগা, দ্য গাৰ্ল অন দ্য ট্ৰেইন, চাইনা নেহৱালৰ জীৱনীমূলক ছবি, সন্দীপ ঔৰ পিঙ্কি ফাৰাৰ, হাসি তো ফাচি, কেশৰী, শুদ্ধ দেশী ৰোমাঞ্চ আৰু ইশকজাদে। তেওঁক পৰৱৰ্তী সময়ত চামকিলা আৰু কেপচুল গিল ছবিত দেখা পোৱা যাব।