গুৱাহাটীৰ চিকিৎসক দম্পতীৰ ঘৰত শিশুক আতিশয্য চলোৱা ঘটনাৰ তদন্ত অব্যাহত আছে। চিকিৎসক দম্পতীক গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে সংগীতা দত্তৰ ব্যক্তিগত সহায়িকা উৎপলা বসুক গ্ৰেপ্তাৰ কৰিছে। উৎপলা বসুৱে চিকিৎসক দম্পতীক শিশু যোগান ধৰাৰ অভিযোগ উঠিছে।
ইয়াৰ পিছতে আৰক্ষীৰ জালত পৰিছে এগৰাকী আশা কৰ্মী। জালুকবাৰীৰ পৰা আৰক্ষীয়ে আটক কৰিছে আশা কৰ্মীগৰাকীক। এই আশা কৰ্মীগৰাকীয়ে দুই শিশুক বৰপেটাৰ পৰা আনিছিল বুলি জানিব পৰা গৈছে।
আনহাতে, উৎপলা বসুক লৈ আৰক্ষীয়ে চলোৱা অভিযানত আটক হৈছে আন এগৰাকী আশা কৰ্মী। গুৱাহাটীৰ ধীৰেনপাৰাৰ পৰা আটক কৰা হৈছে আশা কৰ্মীগৰাকীক। এইপৰ্যন্ত দুগৰাকী আশা কৰ্মী আটক হৈছে। নাম লাল বানু আৰু চুবেৰা। ধীৰেনপাৰা এফ আৰ ইউৰ অধীনৰ আশাকৰ্মী লাল বানু।
