কৰ্ণাটকত কোনে মাৰিব বিজয়ৰ হাঁহি? ২২৪খন আসনৰ মহাৰণত EVM খোলাৰ লগে লগে কংগ্ৰেছৰ অগ্ৰগতি

 


আজি কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা (Karnataka Election Results 2023)। পুৱা ৮ বজাৰ পৰা অব্যাহত আছে ভোটগণনা। ১০ মে’ত কৰ্ণাটকত অনুষ্ঠিত হৈছিল কৰ্ণাটক বিধানসভা নিৰ্বাচন।


বিজেপিৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোমাই, কংগ্ৰেছৰ হেভিৱেট ছিদ্দাৰামায়া আৰু ডি কে শিৱকুমাৰ আৰু জেডি(এছ)ৰ এইচ ডি কুমাৰস্বামীকে ধৰি কেইবাগৰাকীও হেভিৱেট প্ৰাৰ্থীৰ ভাগ্য আজি নিৰ্ণয় হ’ব। ৰাজ্যৰ ৩৬টা ভোটকেন্দ্ৰত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত চলিছে পোষ্টেল বেলটৰ গণনা।প্ৰথম পৰ্যায়ৰ গণনাত বিজেপি ১০০খন আসনত আগুৱাই থাকিলেও ইভিএম খোলাৰ লগে লগে এগজিট প’লৰ পূৰ্বানুমান লাভ কৰা হয়। কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰম্ভিক ফলাফল অনুসৰি ১১খন আসনত কংগ্ৰেছ, ৯খন আসনত বিজেপি আগবাঢ়ি আছে।

২২৪খন আসনযুক্ত কৰ্ণাটক বিধানসভাৰ মেজিক নাম্বাৰ ১১৩। ২০১৮ চনৰ নিৰ্বাচনত একক বৃহত্তম দল আছিল বিজেপি। কিন্তু চৰকাৰ গঠন কৰিছিল কংগ্ৰেছ–জেডিএছ মিত্ৰজোঁটে। পিছত সেই মিত্ৰজোঁটত ফাট মেলাত ক্ষমতা দখল কৰে গেৰুৱা শিবিৰে। ২০১৮ চনত ১০৪খন আসন লাভ কৰি একক বৃহৎ দল হিচাপে পৰিগণিত হৈছিল বিজেপি। কংগ্ৰেছে লাভ কৰিছিল ৮০খন আৰু জেডিএছে পাইছিল ৩৭খন আসন। এজন নিৰ্দলীয় প্ৰাৰ্থী, বিএছপি আৰু কৰ্ণাটক প্ৰজ্ঞাৱন্ত জনতা পাৰ্টীৰ এজনকৈ প্ৰাৰ্থীয়েও জয়লাভ কৰিছিল।

২০১৮ চনৰ নিৰ্বাচনত কংগ্ৰেছে ৩৮.০৪ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৩৬.২২ শতাংশ আৰু জেডিএছে ১৮.৩৬ শতাংশ ভোট লাভ কৰিছিল। কোনো দলে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে আৰু কংগ্ৰেছ–ডেজিএছ মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰি এইচ ডি কুমাৰস্বামী মুখ্যমন্ত্ৰী হয়। কিন্তু ১৪ মাহৰ পাছত ১৭ জন বিধায়কে বিজেপিত যোগদান কৰাৰ ফলত চৰকাৰৰ পতন হয় আৰু বিজেপিয়ে শাসনভাৰ গ্ৰহণ কৰে।

Post a Comment

Previous Post Next Post