কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ। একক সংখ্যাগৰিষ্ঠা লাভৰ দিশে গতি কৰিছে দলটো। এই বিজয়ৰ পিছতে কংগ্ৰেছক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইটাৰযোগে কংগ্ৰেছক শুভেচ্ছা মোদীৰ। টুইটাৰত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘কৰ্ণাটক বিধানসভা নিৰ্বাচনত বিজয়ৰ বাবে কংগ্ৰেছ দলক শুভেচ্ছা। মানুহৰ আশা-আকাংক্ষা পূৰণৰ বাবে তেওঁলোকলৈ মোৰ শুভকামনা।’
উল্লেখযোগ্য যে কৰ্ণাটকত বৃহৎ সফলতা লাভ কৰিছে কংগ্ৰেছে। একক সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে কংগ্ৰেছ শিবিৰ। ১৩০খনতকৈ অধিক আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে। বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে ৬৩খন আসনত।
ইফালে, ডেজিএছ তৃতীয় স্থানত আছে। কংগ্ৰেছে বেংগালুৰুৰ পঞ্চতাৰকাযুক্ত হিল্টন হোটেলত ৫০টা কোঠা বুক কৰিছে। বিজয়ী বিধায়কসকলক নিশা ৮ বজালৈ হোটেলত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছে। কাইলৈ হ’ব কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক। এই বৈঠকতে পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
