ধীৰেনপাৰা FRUৰ আশাকৰ্মী লাল বানু বেগমৰ বিৰুদ্ধে শিশু সৰবৰাহৰ গুৰুতৰ অভিযোগ স্থানীয় লোকৰ!


 

নৱজাতক শিশু যোগানত জড়িত লাল বানু বেগম! লাল বানু বেগমে সন্তানহীন দম্পতিৰ কোলাত তুলি দিয়ে সন্তান ৷ সন্তানহীন দম্পতীৰ কোলাত সন্তান তুলি দিয়াৰ বাবদ লাল বানুয়ে লয় ধন ৷- আশাকৰ্মী লাল বানুৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ লাল বানুৰ নিকটতম স্থানীয় লোকৰ ৷


প্ৰথমে শিশু নিৰ্যাতন তাৰপৰা শিশু যোগান আৰু এতিয়া নৱজাতক সৰবৰাহ ৷ এটাৰ পাছত আনটো পোহৰলৈ আহিছে শিশু সৰবৰাহৰ ঘটনাৰ ভয়ংকৰ তথ্য ৷ চিকিৎসক সংগীতাৰ সহায়ক উৎপলাক গ্ৰেপ্তাৰৰ পাছতে ফাদিল হৈছে শিশু যোগান সৰবৰাহৰ ভযংকৰ ক্লু ৷ কিয়নো উৎপলা বসুক গ্ৰেপ্তাৰৰ পাছতে শনিবাৰে আটক হৈছে দুগৰাকী আশাকৰ্মী ৷ ধীৰেনপাৰা FRUৰ আশাকৰ্মী লাল বানু বেগম আৰু পাণ্ডু FRUৰ চুবেৰা ৷

স্বাস্থ্য বিভাগৰ দুই আশাকৰ্মীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা ৷ আৰক্ষীৰ জেৰা চলাই থকাৰ সময়তে ধীৰেনপাৰা FRUৰ আশাকৰ্মী লাল বানু বেগমৰ বিৰুদ্ধে স্থানীয় লোকে আনিছে গুৰুতৰ অভিযোগ ৷ অভিযোগ অনুসৰি আশাকৰ্মী লাল বানুয়ে সন্তানহীন পিতৃ মাতৃক যোগান ধৰে সন্তান ৷ ধীৰেনপাৰাৰ কালাপানীৰ অঞ্চলৰ এটি পৰিয়ালক নৱজাতক যোগান ধৰাৰ অভিযোগ ব্যক্তিগৰাকীৰ ৷

বিগত প্ৰায় তিনি মাহ পূৰ্বে সদ্য জন্মজাত এটি সন্তান কোলাত তুলি দিয়াৰ অভিযোগ ৷ যি তথ্যৰ ভিক্তিত আৰক্ষীক ঘটনাৰ তদন্ত কৰাৰ দাবী কালাপানীৰ স্থানীয় লোকৰ ৷ ইপিনে এই ঘটনা সন্দৰ্ভত আৰক্ষীক সকলো প্ৰকাৰে সহায় কৰিবলৈ সাজু হৈছে স্থানীয় লোকজন, যাতে আনৰ কোলাৰ শিশু বুকুৰ পৰা আতৰাই আনি আনৰ কোলাত তুলি দিয়া মহিলাগৰাকীৰ বিৰুদ্ধে উচিত শাস্তি হয় ৷ এতিয়া প্ৰশ্ন হৈছে, আৰক্ষী তদন্তত সহায়ক হব পৰা এই তথ্যৰ ভিক্তিত আৰক্ষীয়ে তদন্ত কৰিব নে নাই সেয়া সময়ত স্পষ্ট হব ৷

Post a Comment

Previous Post Next Post