WWE- ত সাধাৰণতে তেনেধৰণৰ ওখ মানুহ দেখা যায়। কিন্তু যেতিয়া আপুনি ক্ৰিকেটত সাত ফুট ওখ কাৰোবাক দেখা পায়, বহুতেই আচৰিত হয়।বহুলোকৰ এতিয়াও হয়তো পাকিস্তানৰ মহম্মদ ইৰফানক মনত আছে। তেওঁ সাত ফুট এক ইঞ্চি ওখ।মহম্মদ ইৰফানৰ জন্ম মধ্য পঞ্জাৱৰ গাগগো মাণ্ডি গাঁৱত হৈছিল। তেওঁৰ দেউতাক এজন খেতিয়ক আছিল। মহম্মদ ইৰফানৰ দুগৰাকী ভগ্নী আৰু চাৰিজন ভাতৃ আছে। ইৰফানৰ ভাতৃসকল প্ৰায় ৬ ফুট ওখ। তেওঁৰ দেউতাকৰ উচ্চতা ৬ ফুট ৯ ইঞ্চি আৰু ইৰফানৰ উচ্চতা ৭ ফুট ১ ইঞ্চি।
wwe- ৰ এজন বক্সাৰ ৭ ফুট ২ ইঞ্চি ওখ। অৰ্থাৎ, ইৰফান তেওঁৰ তুলনাত মাত্ৰ এক ইঞ্চি কম ওখ।
যেতিয়া মহম্মদ আমিৰ আৰু মহম্মদ আচিফ স্পট ফিক্সিংৰ বাবে কাৰাগাৰত আছিল, ইৰফানে পাকিস্তানৰ পেচ আক্ৰমণৰ নেতৃত্ব দিছিল।
Tags:
Sports
