"It's time for some action": লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰিয়েই আনন্দ মিশ্ৰৰ মন্তব্য


 

দেওবাৰে সন্ধিয়া লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয় জিলাখনৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। আনন্দ মিশ্ৰৰ আগমণক লৈ উত্ৰাৱল হৈ পৰিছে লখিমপুৰবাসী ৰাইজ। জনপ্ৰিয় আৰক্ষী বিষয়া আনন্দ মিশ্ৰক লৈ সামাজিক মাধ্যমতো নেটিজেনৰ মাজত হৈছে যথেষ্ট চৰ্চা।


কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ সৈতে হোৱা সাংবাদিকৰ চমু কথোপকথনত তেওঁ আগবঢ়ায় কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য।আনন্দ মিশ্ৰই কয়, "যি আদেশ আহিছে সেইমতে কাম হ'ব। আমি কাম কৰিম, আইন অনুসৰি কাম কৰিম। এতিয়াৰে পৰা অসামাজিক তথা অবৈধ কামত লিপ্ত কোনোৱে সাৰি নাযাব।"
উল্লেখযোগ্য যে, জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতে অসম আৰক্ষীত হৈছে ব্যাপক ৰদবদল। আনন্দ মিশ্ৰ যেন এতিয়া অসম আৰক্ষীৰ একমাত্ৰ ভৰসা। অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰত এতিয়া আনন্দ মিশ্ৰই কেনেধৰণে কাম কৰিব তাক লৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে ৰাজ্যবাসীয়ে। মুঠতে আনন্দ মিশ্ৰক লৈ আশাবাদী সকলো।

Post a Comment

Previous Post Next Post