২২ মে’ৰ ৰাশিফল, চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব?


 

মেষ : নিজৰ স্বাস্থ্যৰ যত্ন ল’ব লাগিব আৰু সঠিক স্বাস্থ্যবিধি বা হাইজিন বজাই ৰাখিব লাগিব। বন্ধুৰ সৈতে ভুল বুজাবুজি দূৰ হ’ব। অপ্ৰত্যাশিত উৎসৰ পৰা ধন আহিব পাৰে।


বৃষ : দৃঢ় আৰু সিদ্ধান্তমূলক পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হ’ব। এই মুহূৰ্তত সময়ৰ জ্ঞান থাকিব তুংগত। পুৰণি ঋণ পৰিশোধ হ’ব। উপস্থিত বুদ্ধিৰ ফলত ঘনিষ্ঠ কাৰোবাক সহায় কৰিব পাৰিব।

মিথুন : সময় ভালদৰে পাৰ হ’ব। কোনো অপ্ৰীতিকৰ পৰিস্থিতিত আবদ্ধ হ’লে সেই সময়ত তাৰ পৰা আপোনাক বাহিৰলৈ উলিয়াই অনাৰ বাবে বহুতেই সহায় কৰিব।

কৰ্কট : অতীতত আলাপ হোৱা কোনো মানুহৰ সৈতে পুনৰ সাক্ষাৎ হ’ব পাৰে। যিয়ে ভৱিষ্যতে হয়তো আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

সিংহ : ৪কোনো কঠিন কাম ইমানদিনে এৰাই চলিছিল যদি এতিয়া সেয়া শেষ কৰিব পেলাওক। এই সময়ত যি কামেই কৰিব, সেই কামতে আত্মবিশ্বাসৰ চিন থাকিব।

কন্যা : আত্মবিশ্বাস তুংগত থাকিব। বাকী থকা কাম শেষ কৰিব লাগিব। বাধা–বিঘিনি আহিলেও সেয়া স্থানী নহ’ব। ঘনিষ্ঠ বন্ধুৱে সহায়ৰ হাত আগবঢ়াব।

তুলা : অপ্ৰত্যাশিতভাৱে কোনো কাম আহিবন পাৰে, যাৰ চাহিদা তুংগত থাকিব। সেই কাম সুন্দৰভাৱে কৰিবলৈ সক্ষম হ’ব আৰু ইয়াৰ বাবে প্ৰশংসা লাভ কৰিব।

বৃশ্চিক : টকা–পইচা সংক্ৰান্তীয় বিষয়ত সতৰ্ক হ’ব লাগিব। কাৰণ অপ্ৰত্যাশিতভাৱে প্ৰচূৰ খৰচ হ’ব পাৰে। তৰ্ক–বিতৰ্ক এৰাই চলাই ভাল।

ধনু : নিজৰ চাৰিওফালৰ বিষয়বোৰ পৰিৱৰ্তন কৰাৰ প্ৰবল ইচ্ছা জাগিব। কিন্তু সলনি কৰাৰ প্ৰয়োজন আছেনে নাই সেয়া চিন্তা কৰি চাব লাগিব।

মকৰ : এই সময়ত জীৱনত কিছু বাখ্যাতীত ঘটনা ঘটিব পাৰে। নিজৰ কামৰ ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব। এয়া বুজিব লাগিব যে কোনো কাম তাৰ নিজস্ব গতিতে আগুৱাব।

কুম্ভ : ব্যক্তিগত আৰু পেছাগত জীৱনত হঠাৎ কোনো পৰিৱৰ্তন আহিব পাৰে। আৰু ইয়াৰ ফলত উদ্বেগ বাঢ়িব পাৰে। আনকি নিৰাপত্তাহীনতাও অনুভূত হ’ব পাৰে।

মীন : কি বিচাৰিছে আরু কোনটো আপোনাৰ বাবে ভাল, তাৰ মাজত পাৰ্থক্য বিচাৰ কৰিব লাগিব। কিছু বিষয়ক লৈ আবেগপ্ৰৱণ হৈ পৰিব পাৰে। অথচ বিষয়বোৰৰ ক্ষেত্ৰত বাস্তববাদী হোৱা প্ৰয়োজন।

Post a Comment

Previous Post Next Post