ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাৰ লগে লগে SEBAই ঘোষণা কৰিলে ফলাফল। ১০টাকৈ ৱেবছাইটত ঘোষণা কৰা হৈছে মেট্ৰিকৰ ফলাফল। পৰীক্ষাৰ্থীসকলে এই ৱেবছাইটসমূহত ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীটো ডাউনলোড কৰিব পাৰিব।
প্ৰথম স্থানত জিলিকিল শোণিতপুৰৰ হৃদম ঠাকুৰীয়া। শংকৰদেৱ শিশু নিকেতন, ঢেকীয়াজুলিৰ ছাত্ৰ হৃদম। হৃদমে লাভ কৰিছে মুঠ ৫৯৬– নম্বৰ।দ্বিতীয় স্থান দখল কৰিছে চাৰিগৰাকী শিক্ষাৰ্থীয়ে। দ্বিতীয় স্থানত নগাঁও চৰকাৰী গভৰ্ণমেণ্ট বয়জ এইচ এছ স্কুলৰ ইছৰত ফাৰিহা, নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মা আৰু ছেইণ্ট যোছেফ স্কুল সোণাৰিৰ আদিত্য অনুপম কোঁৱৰ। আটাইকেইগৰাকীয়ে লাভ কৰিছে ৫৯৩ নম্বৰকৈ।
তৃতীয় স্থানত জিলিকিল দুমুনীচকী ইংলিছ স্কুল, দৰঙৰ নিলুফাৰ ৰহমান, আদৰ্শ বিদ্যাপীঠ, ভোলাগুৰি, গোলাঘাটৰ অনিন্দিতা বৰা আৰু শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাটৰ মৃগাংক ভট্টাচাৰ্য। আটাইকেইগৰাকীয়ে লাভ কৰিছে ৫৯২ নম্বৰকৈ।
১. https://sebaonline.org
২. resultsassam.nic.in
৩. www.indiaresults.com
৪. www.results.shiksha
৫. www.assam.shiksha
৬. exametc.com
৭. www.schools9.com
৮. assamresults.in
৯. www.jagranjosh.com
১০. www.vidyavision.com
উল্লেখযোগ্য যে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪ লাখ ২২ হাজাৰ ১৭৪ গৰাকী পৰীক্ষাৰ্থী। ৯১২টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা। ছাত্ৰৰ সংখ্যা ১ লাখ ৯৪ হাজাৰ ৫৪ গৰাকী আৰু ছাত্ৰীৰ সংখ্যা ২ লাখ ২৮ হাজাৰ ১২০গৰাকী। বৰপেটাত সৰ্বাধিক ২৭,৬৪৭গৰাকী পৰীক্ষাৰ্থী থকাৰ বিপৰীতে মাজুলীত সৰ্বনিম্ন ৩,০৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত।