ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে হাতী-মানুহৰ সংঘাত । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ বন্যহস্তী আহে যদিও এইবাৰ নলবাৰীতো বন্যহস্তীয়ে তাণ্ডৱ চলোৱা পৰিলক্ষিত হৈছে । এয়া যেন কোনোদিনে নোহোৱা নোপোজা ঘটনা । বিশেষকৈ জিলাখনত কোনো ধৰণৰ পাহাৰীয়া অঞ্চল নথকাৰ পিছতো শেহতীয়াকৈ জিলাখনৰ উত্তৰ প্ৰান্তত কেইবাটাও বন্যহস্তীয়ে উপদ্ৰৱ চলায় ।
লক্ষণীয় য়ে প্ৰায় দুমাহ পূৰ্বে জিলাখনৰ শ্ৰীপুৰকে ধৰি কেইবাটাও প্ৰান্তত হাতীয়ে বহুতো পৰিয়ালৰ কলগছকে ধৰি খেতি খাই তহিলং কৰি অঞ্চলটোৰ ৰাইজৰ নিদ্ৰাহৰণ কৰি আহিছিল । এতিয়া বিগত এসপ্তাহে কেহেৰুৱা, বৰঘোপাৰ পাগ্লাদিয়া নৈৰ ওচৰৰ বনাঞ্চলত দুটাকৈ হাতীয়ে মুক্তভাৱে বিচৰণ কৰি ফুৰিছে ।
হাতী দুটাই মুক্ত বিচৰণ কৰাৰ লগতে কেইবাগৰাকীও কৃষকৰ কলৰ খেতি, ৰঙালাওকে ধৰি কৃষকৰ সপোনৰ খেতিডৰা অনিষ্ট সাধন কৰিছে । যদিও হাতী দুটাই মানুহৰ বসতিপূৰ্ণ ঠাইত সোমোৱা নাই তথাপিও এতিয়া চিন্তাত সময় পাৰ কৰিছে সেই অঞ্চলৰ গঞাই ।পথাৰলৈ অকলশৰে যাবলৈ ভয় কৰে গঞা ৰাইজে । যাৰ বাবে এতিয়া হাতীৰ ভয়ত উজাগৰী নিশা কটাইছে ৰাইজে ।ইফালে ঢাল তৰোৱালবিহীন বন বিভাগৰ লোক উপস্থিত হয় যদিও হাতী দুটা নিৰাপদ স্থানলৈ খেদি পঠিয়াৱ পৰা নাই । স্থানীয় লোকে জনোৱা অনুসৰি বন বিভাগৰ লোক খবৰ দিলেই উপস্থিত হয় যদিও হাতী খেদি পঠিওৱাত ব্যৰ্থ বিভাগটো । ইফালে উক্ত অঞ্চলটোৰ ৰাইজে এতিয়া ইয়াক লৈ বিমোৰত পৰিছে ।
লক্ষণীয় কথাটো যে বিগত প্ৰায় দুই তিনিমাহে জনাঞ্চল এৰি বনাঞ্চলত হাতীয়ে প্ৰৱেশ কৰাৰ পিছতে বন বিভাগৰ লোকে কোনো ব্যৱস্থা গ্ৰহন নকৰাটো চিন্তাৰ বিষয় ।
