অসমৰ ৰিয়া আগৰৱালৰ ৯৯.৭৫ শতাংশ নম্বৰৰ সৈতে ISC পৰীক্ষাত শীৰ্ষ স্থান লাভ


 

ভাৰতীয় বিদ্যালয় প্ৰমাণপত্ৰ পৰীক্ষা পৰিষদে (CISCE) ১৪ মে’ত ISC আৰু ICSEৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। য’ত ICSEত  ৯৮.৯৪ শতাংশ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হোৱাৰ লগতে ISCত ৯৬.৯৩ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।


ISCত ৫ জনে ৯৯.৮ শতাংশৰে প্ৰথম স্থান, ১৪ জনে ৯৯.৫ শতাংশৰে দ্বিতীয় স্থান আৰু ৯৯.২ শতাংশ নম্বৰৰ সৈতে ৩০জন পৰীক্ষাৰ্থীয়ে তৃতীয় স্থান লাভ কৰিছে। ISCত পাঁচজন শীৰ্ষস্থানপ্ৰাপ্ত হৈছে গুৱাহাটীৰ ৰিয়া আগৰৱালা, থানেৰ ইপশিতা ভট্টাচাৰ্য, লক্ষ্ণৌৰ মহম্মদ আৰ্যন তাৰিক, বংগৰ সুভাম কুমাৰ আগৰৱালা আৰু কলকাতাৰ মান্য গুপ্তা।

গুৱাহাটীৰ ৰিয়া আগৰৱাল ‘সংস্কৃতি-দ্য গুৰুকুল’ৰ এগৰাকী ছাত্ৰী। তেওঁ ISC পৰীক্ষাত ৪০০ৰ ভিতৰত ৩৯৯ নম্বৰ লাভ কৰি দেশৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে। ৰিয়াই মানৱীয়তা শাখাত (humanities stream) ৯৯.৭৫ শতাংশ নম্বৰ লাভ কৰিছে।আনহাতে,  ICSEত ৯ জন শিক্ষাৰ্থীয়ে ৯৯.৮ শতাংশ নম্বৰ লাভ কৰি প্ৰথম স্থান লাভ কৰিছে। লগতে ৪০ জন পৰীক্ষাৰ্থীয়ে ৯৯.৬ শতাংশ নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰে। ইয়াৰোপৰি, ১১৭ জন পৰীক্ষাৰ্থীয়ে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।

শীৰ্ষস্থানপ্ৰাপ্ত ৯ জন পৰীক্ষাৰ্থী হৈছে জামছেদপুৰৰ ৰুশিল কুমাৰ, বেংগালুৰুৰ অনন্যা কাৰ্তিক, মুম্বাইৰ শ্ৰেয়া উপাধ্যায়, অদ্বৈ সৰদেশাই, তানাই সুশীল শ্বাহ, হিয়া সংঘৱী, থানেৰ যশ মনীষ ভাছেইন, আগ্ৰাৰ অবিশী সিং আৰু বেংগৰ পূব বৰ্ধমানৰ সম্বিত মুখোপাধ্যায়।

উল্লেখনীয় যে, এই বছৰ CISCEৰ ফলাফলত ছাত্ৰীসকলে ISC আৰু ICSE দুয়োটা পৰীক্ষাতে ভাল প্ৰদৰ্শন কৰিছে। ICSEত ৯৯.২১ শতাংশ ছাত্ৰী আৰু ৯৮.৭১ শতাংশ ছাত্ৰ উত্তীৰ্ণ হোৱাৰ লগতে ISC পৰীক্ষাত ৯৮.০১ শতাংশ ছাত্ৰী আৰু ৯৫.৯৬ শতাংশ ছাত্ৰ উত্তীৰ্ণ হৈছে।

এই বৰ্ষৰ ICSE পৰীক্ষা ২৭ ফেব্ৰুৱাৰীৰ পৰা ২৯ মাৰ্চলৈ অনুষ্ঠিত হৈছিল। আনহাতে, ISC পৰীক্ষা ১৩ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈকে অনুষ্ঠিত হৈছিল।

Post a Comment

Previous Post Next Post