শদিয়াত ভয়ংকৰ দুৰ্ঘটনা, ডাম্পাৰ আৰু বলেৰ’ পিকআপ ভানৰ সংঘৰ্ষত তিনিজন নিহত



 শদিয়াৰ ১১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বুকপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ’ পিকআপ ভান আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ। শদিয়াৰ পৰা তিনিচুকীয়া অভিমুখে আহি আছিল ডাম্পাৰৰখন। পাঁচজন লোক আছিল বলেৰ’ পিকআপ ভানখনত। দুৰ্ঘটনাত তিনিজন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় দুজন। আন দুজন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত দুজনক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছে। লোককেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

Post a Comment

Previous Post Next Post