পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ। খবৰ অনুসৰি তেওঁক পাক ৰেঞ্জাৰে গ্ৰেপ্তাৰ কৰিছে।
পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অলপতে পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰ শীৰ্ষ বিষয়া মেজৰ জেনেৰেল ফৈচল নাছিৰৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ইমৰান খানে প্ৰকাশ কৰিছিল যে মেজৰ জেনেৰেলগৰাকীয়ে তেওঁক হত্যা কৰিব বিচাৰিছিল।
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক মঙলবাৰে ইছলামবাদ উচ্চ ন্যায়ালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। গোচৰৰ জামিন বিচাৰি উচ্চ ন্যায়ালয়ত উপস্থিত হৈছিল ইমৰান খান। কিন্তু তেওঁক আল কাদিৰ ট্ৰাষ্টৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। এই গোচৰটো বিশ্ববিদ্যালয় সম্পৰ্কীয় আছিল। অভিযোগ মতে, ইমৰানে প্ৰধানমন্ত্ৰী হৈ থাকোঁতে এই বিশ্ববিদ্যালয়ক অবৈধভাৱে কোটি কোটি টকাৰ মাটি দিছিল।
ইফালে প্ৰধানমন্ত্ৰীগৰাকীৰ গ্ৰেপ্তাৰৰ প্ৰসংগত পাকিস্তানৰ ভিন্ন ঠাইত প্ৰতিবাদৰ জোৱাৰ উঠা দেখা গৈছে।
Tags:
International
