আজি কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, নৱপ্ৰজন্মক ভোটদান কৰিবলৈ বিশেষ অনুৰোধ প্ৰধানমন্ত্ৰী মোদীৰ



 আজি ১০ মে'। আজি কৰ্ণাটকত আছে ভোটগ্ৰহণ। ৰাতিপুৱাই প্ৰায় প্ৰতিটো ভোটকেন্দ্ৰৰ সন্মুখত ভোটাৰৰ দীঘলীয়া শাৰী। বুধবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। দক্ষিণ ভাৰতৰ এইখনেই একমাত্ৰ ৰাজ্য য'ত বিজেপি শাসকীয় দল। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ দলে প্ৰচাৰ চলাই আহিছে। যোৱা দেওবাৰে বেংগালুৰুত নৰেন্দ্ৰ মোদীয়ে মেগা ৰোড শ্ব’ কৰিছিল অমিত শ্বাহেও প্ৰচাৰ কৰে। বহু দিনৰ মূৰত কৰ্ণাটকৰ প্ৰচাৰ সভাত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীকো দেখা গ’ল, পিছ পৰি নাথাকিল ৰাহুল গান্ধী বা মল্লিকাৰ্জুন খৰ্গে।


এই পৰ্যায়ত মুঠ ২২৪টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। ভোটগণনা ১৩ মে’, শনিবাৰে। এইবাৰ কৰ্ণাটকত মুঠ ভোটাৰৰ সংখ্যা ৫ কোটি ৩০ লাখ। ইয়াৰ ভিতৰত প্ৰথমবাৰৰ বাবে ভোটদান কৰা লোকৰ সংখ্যা হৈছে ১১ লাখ ৭১ হাজাৰ। মুঠ ভোটাৰৰ ভিতৰত প্ৰায় ২ কোটি ৬৬ লাখ পুৰুষ আৰু ২ কোটি ৬২ লাখ মহিলা।

এইবাৰো কৰ্ণাটকৰ নিৰ্বাচন মূলতঃ ত্ৰিকোণ যুঁজ হ’বলৈ গৈ আছে। কৰ্ণাটক শাসকীয় বিজেপি, মূল বিৰোধী দল কংগ্ৰেছ আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌদাৰ নেতৃত্বত জেডি(এছ)ৰ মাজত।আজি পুৱা ৬:৫৬ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি কৰ্ণাটকৰ জনসাধাৰণক গণতন্ত্ৰৰ এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। নৱপ্ৰজন্ম আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰা সকললৈ বিশেষ আহ্বান কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়েও টুইট কৰে।

আজি পুৱাৰ ভাগত কৰ্ণাটকৰ কেইবাখনো বিখ্যাত মুখে ভোটদান কৰে। শিখৰপুৰ বিধান সভা সমষ্টিত ভোটদান কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বি এছ য়েডুৰাপ্পাই। এই কেন্দ্ৰৰ পৰাই তেওঁৰ পুত্ৰ বি ৱাই বিজয়েন্দ্ৰই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আজিৰ দিনটোত ভোটদান কৰিবলৈ ওলাই গৈ তেওঁ কয় যে তেওঁৰ পুত্ৰই এই কেন্দ্ৰৰ পৰা ৪০ হাজাৰৰো অধিক ভোট লাভ কৰিব বুলি আশা কৰিছে।

Post a Comment

Previous Post Next Post