অশান্ত পাকিস্তান! বন্ধ ইন্টাৰনেট, ছ'চিয়েল মেডিয়া, এইপৰ্যন্ত ২ জন বিক্ষোভকাৰীৰ মৃত্যু


 

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা পাকিস্তানৰ বিভিন্ন অঞ্চল অস্থিৰ হৈ পৰিছে। ইছলামবাদ উচ্চ ন্যায়ালয়ৰ সন্মুখত মঙলবাৰে গ্ৰেপ্তাৰ হোৱা ইমৰাণ খানক লৈ সমগ্ৰ পাকিস্তানত প্ৰতিবাদৰ সৃষ্টি হয়। ৰাজপথলৈ নামি আহিল ইমৰাণৰ দল পিটিআইৰ সমৰ্থক। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ইণ্টাৰনেট সেৱা বন্ধ কৰিবলগীয়া হয় আৰু ছ’চিয়েল মিডিয়াও বন্ধ কৰি দিয়া হয়।


পাকিস্তান প্ৰশাসনৰ মতে, মঙলবাৰৰ পৰা পাকিস্তানৰ বিভিন্ন প্ৰান্তত ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে। পাকিস্তান দূৰসংযোগ কৰ্তৃপক্ষই ঘোষণা কৰিছে যে সমগ্ৰ দেশতে ম’বাইল ব্ৰডবেণ্ড সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে- নেটব্লকছ নামৰ এটা সংস্থাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও ছ’চিয়েল মিডিয়াও বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। লগতে পাকিস্তানত ব্লক কৰা হৈছে ফেচবুক, টুইটাৰ আৰু ইউটিউব।

পাকিস্তানত ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ বিৰোধী প্ৰতিবাদত এতিয়ালৈকে চাৰিজন লোকৰ মৃত্যু হৈছে। ইমৰাণৰ সমৰ্থকে ৰাৱালপিণ্ডিত সেনা মুখ্য কাৰ্যালয় আৰু লাহোৰত কমাণ্ডাৰৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰে। ইফালে ইছলামবাদ উচ্চ ন্যায়ালয়ে ইমৰাণ খানৰ গ্ৰেপ্তাৰক বৈধ বুলি ঘোষণা কৰিছে।

আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত পাকিস্তানৰ অশান্তিৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে কয় যে আমি বিচাৰো যে পাকিস্তানত যি হয় সেয়া আইন অনুসৰি হওক। সকলো কাম সংবিধান অনুযায়ী কৰিব লাগে লগতে আমি তাত শান্তিপূৰ্ণ গণতান্ত্ৰিক পৰিস্থিতি বিচাৰো।''

কোনো কোনো ঠাইত ৰাজপথত গাড়ী জ্বলাই দিছে আৰু ক’ৰবাত প্ৰতিবাদকাৰীয়ে চৰকাৰী কাৰ্যালয় ধ্বংস কৰিছে। প্ৰতিবাদকাৰীয়ে পথৰ ক’ৰবাত টায়াৰ জ্বলাইছে মঙলবাৰে সন্ধিয়াৰ পৰা পাকিস্তানে এই অৰাজকতাৰ ৰূপ লৈছে। তদুপৰি শান্তি বজাই ৰাখিবলৈ প্ৰশাসনে কিছু ঠাইত সান্ধ্য আইন জাৰি কৰিবলগীয়া হয়। পাকিস্তানৰ ধৃত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক বুধবাৰে আদালতত হাজিৰ হ’ব পাৰে বুলিও বাতৰি প্ৰকাশ পাইছে।

Post a Comment

Previous Post Next Post