মুখ্যমন্ত্ৰীয়ে অসমত বহুবিবাহ (Polygamy) বন্ধৰ বাবে আইন অনাৰ কথা ঘোষণা কৰাৰ লগতে ইয়াৰ পূৰ্বে বিশেষজ্ঞ কমিটী গঠনৰ পোষকতা কৰে। তেওঁ কয়– বাল্য বিবাহৰ সময়ত বহু বিবাহৰ ঘটনা পোহৰলৈ আহিছে। হোজাই, যমুনামুখ, বৰাকত বহু বিবাহৰ ঘটনা বেছি। বহু বিবাহ ইছলামত বাধ্যতামূলক নহয়। জনজাতীয় সমাজতো কিছু পৰিমাণে অনানুষ্ঠানিক বহু বিবাহ (Informal Polygamy)ৰ প্ৰচলন হৈ আছে।
আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে কইনাধৰাত সাংবাদিকসকলৰ সৈতে মত বিনিময়ৰ সময়ত এই কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ উন্নয়নৰ দিশত চৰকাৰখনে বিগত দিনত কৰি অহা কামৰ থূলমূল আভাস দাঙি ধৰাৰ লগতে বহু বিবাহক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
উল্লেখ্য, অসমত বিশেষজ্ঞ কমিটিৰ পৰামৰ্শ মতে বহু বিবাহ নিষিদ্ধ কৰাৰ বাবে আইন আনিব চৰকাৰে। মুখ্যমন্ত্ৰীয়ে লগতে উচ্ছেদ সন্দৰ্ভতো মত ব্যক্ত কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে উচ্ছেদ প্ৰতিটো মাহতে চলি আছে, চলি থাকিব।তেওঁ লগতে বিৰোধীকো কটাক্ষ কৰি কয়– ''অসমৰ ৰাজনীতিত গল প'ষ্টত গ'লকীপাৰেই নাই। গ'ল ক'ত দিব? মানুহে জানেই ক'ত কি হৈ আছে। মানুহে জানেই ৰিজাল্ট কি হ'ব। মই সেয়ে এইবোৰ চিন্তাই কৰা বাদ দিছোঁ।''
