তেজপুৰত পুত্ৰৰ শোকত মাতৃৰ মৃত্যু হোৱাৰ এক খবৰে সকলোকে শোকস্তব্ধ কৰি তুলিছে। একেটা দিনতেই মাতৃৰ চিতাৰ লগতে পুত্ৰৰ চিতা জ্বলাৰ এক কৰুণ দৃশ্যই চকু সেমেকাই তুলিছে বিভিন্নজনৰ।
তেজপুৰৰ মণিঝাৰণিত এই অতি কৰুণ ঘটনাটো সংঘটিত হৈছে। জানিব পৰা মতে, গাঁওখনৰ বাবুল বড়ো আৰু চম্পা বড়োৰ মাজু পুত্ৰ কৰ্মসূত্ৰে দুবছৰ ধৰি চেন্নাইৰ তিৰোপুৰত আছিল। তিৰোপুৰৰ মাদাথুকোলামত এটা পুখুৰীত মাছ ধৰা অৱস্থাত দুই সতীৰ্থ পানীত ডুব যোৱাত বচাবলৈ গৈ তেজপুৰ বকুল বড়ো নিজেই মৃত্যুমুখত পৰে।
দেওবাৰে সংঘটিত এই ঘটনাৰ খবৰ পৰিয়ালে সোমবাৰে লাভ কৰে। ইয়াৰ পিছতে পুত্ৰৰ শোকত ম্ৰিয়মান হৈ মাতৃ চম্পা বড়োৰ কালি পুৱতি নিশা ২ বাজি ৩০ মিনিটত মৃত্যু ঘটে।
ইফালে, বকুলৰ মৃতদেহ বিশেষ বিমানেৰে বেংগল বিমান বন্দৰৰ পৰা কালি গুৱাহাটীলৈ অনা হয় আৰু তাৰ পিছত নিজ গৃহলৈ অনা হয়। আৰ্থিকভাৱে অতি দুৰ্বল পৰিয়ালটোৰ উপাৰ্জনকাৰী বকুলৰ আকস্মিক বিয়োগে হঠাৎ পৰিয়ালটোলৈ নমাই আনিলে ঘোৰ অমানিশা।

ৰাইজৰ দান-বৰঙণি আৰু বকুলৰ দুই বন্ধু ৰাহুল বড়ো আৰু ৰাজেচ মেচৰ নিজা খৰচত মৃতদেহ ঘৰ আহি পোৱাৰ পিছতে অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। শোণিতপুৰ জিলা বড়ো ছাত্ৰ সন্থাই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় হয় আৰু পাৰ্যমানে সহায়ৰ হাত আগবঢ়ায়।
পুত্ৰ শোকত ম্ৰিয়মান হৈ মাতৃয়েও প্ৰাণ হেৰুৱাবলগীয়া হোৱা অতি মৰ্মান্তিক ঘটনাই সকলোৰে চকু সেমেকাই তুলিছে। পুৱা মাতৃৰ চিতা আৰু বিয়লিলৈ মাতৃৰ চিতাৰ কাষতে পুত্ৰৰ চিতা জ্বলোৱা হয়। গাঁওবাসীয়ে মাতৃ-পুত্ৰৰ দুখনকৈ চিতা জ্বলাই মানসিকভাৱে দুখত ভাগি পৰিছে। এতিয়া অঞ্চলজুৰি এটাই চৰ্চা -অবলা হ'লেও মাতৃ: মাতৃয়েহে জানে সন্তান হেৰুৱাৰ বেদনা।