দামপুৰত হাজো আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান; সন্দেহজনক হেৰ'ইনসহ এজনক গ্ৰেপ্তাৰ


 

মাৰাত্মক ড্ৰাগছৰ ব্যৱসায় বন্ধ কৰাৰ বাবে অসম আৰক্ষীয়ে ৰাজ্যত সময়ে সময়ে বিভিন্ন অভিযান চলাই আহিছে। মঙলবাৰে নিশা হাজো আৰক্ষীয়েও বৃহৎ ড্ৰাগছবিৰোধী অভিযান সম্পন্ন কৰে। আৰক্ষীয়ে দামপুৰৰ ইদুল আলী নামৰ ড্ৰাগছ মাফিয়াৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই ৭ গ্ৰামকৈ সন্দেহজনক হেৰ'ইন জব্দ কৰাৰ লগতে আৰক্ষীয়ে ড্ৰাগছ মাফিয়াটোক আটক কৰিবলৈ সক্ষম হয়।


উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ইদুলক দুবাৰকৈ হাজো আৰক্ষীয়ে ড্ৰাগছ সহিতে আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। এই অভিযান হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ নাথৰ নেতৃত্বত চলিছিল। ধৃত ইদুলে অঞ্চলটোত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই বহু যুৱকক ধ্বংস গৰাহলৈ নি সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

Post a Comment

Previous Post Next Post