ভাৰতীয় ষ্টেট বেংকৰ ঋণ দিয়াৰ নামত প্ৰৱঞ্চনাৰে গ্ৰাহকৰ পৰা লুটিছিল লাখ লাখ টকা


 

ভাৰতীয় ষ্টেট বেংকৰ ঋণ দিয়াৰ নামত সহজ-সৰল লোকৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰি পলাই ফুৰা এটা প্ৰৱঞ্চক অৱশেষত আৰক্ষীৰ জালত পৰিল।


ভাৰতীয় ষ্টেট বেংকৰ বালিজান শাখাত লোন ৰিকভাৰিৰ (loan recovery) অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰা যতীন্দ্ৰ শইকীয়াই নিজকে "ফিল্ড অফিচাৰ" বুলি পৰিচয় দি ৪৫ শতাংশ ৰাজসাহাৰ্য্যযুক্ত লোন দিয়াৰ কথা জনাইছিল গ্ৰাহকসকলক। উক্ত ঋণৰ বিনিময়ত ৫ শতাংশকৈ অফিচিয়েল খৰছ আদায় দিব লাগিব বুলি যতীন্দ্ৰ শইকীয়াই গ্ৰাহকসকলক কৈছিল। এই কথা কৈ তেওঁ কলাবাৰী কলিতাগাঁৱৰ ৰঞ্জন ভূঞা নামৰ মীন পালকৰ পৰা ৭৫ হাজাৰ টকা আদায় কৰিছিল। ৰঞ্জন ভূঞাক ১৫ লাখ টকাৰ ঋণ দিয়াৰ প্ৰতিশ্ৰুতিৰে তেওঁৰ পৰা যতীন্দ্ৰই কেইবাটাও কিস্তিত ৭৫ হাজাৰ টকা লৈছিল। টকাখিনি দিয়াৰ তিনিমাহৰ ভিতৰত উক্ত ১৫ লাখ টকাৰ ঋণ মঞ্জুৰ হ'ব বুলি কোৱা যতীন্দ্ৰ শইকীয়াই ৰঞ্জন ভূঞাৰ পৰা সংগ্ৰহ কৰা ৭৫ হাজাৰ টকা আত্মসাৎ কৰি পলাই ফুৰিবলৈ লয়।

উল্লেখ্য যে, ঠগ প্ৰবঞ্চনাৰে ধন আত্মসাৎ কৰি পলাই ফুৰা যতীন্দ্ৰৰ বিষয়ে ভূক্তভোগী ৰঞ্জন ভূঞাই যোৱা ১৫ এপ্ৰিলত গহপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত যতীন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪১৯/৪২০ ধাৰাৰ অধীনত ৮১/২০২৩ নম্বৰত এটা গোচৰ পঞ্জীয়ন হয় যদিও গ্ৰেপ্তাৰৰ ভয়ত যতীন্দ্ৰ শইকীয়া পলাই ফুৰিছিল।মঙলবাৰে নিশা আলিগুৰী পিছলাৰ এটি পৰিয়ালৰ গৃহত আত্মগোপন কৰি থকা যতীন্দ্ৰক নিশা প্ৰায় ১ বজাত গহপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। প্ৰৱঞ্চক যতীন্দ্ৰ শইকীয়াই ৰঞ্জন ভূঞাৰ উপৰিও হাৱাজান, কলাবাৰী, আলুপাৰা আদি অঞ্চলৰ অৰ্ধশতাধিক লোকৰ পৰা এনেদৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে।

Post a Comment

Previous Post Next Post