মুম্বাইৰ নিপন আৰ্ট গেলেৰীত যোৱা ৪ মে' ৰ পৰা আৰম্ভ হোৱা শিল্পকলাৰ বিশেষ প্ৰদৰ্শনী 'থুক লগানা মনা হে' ত অসমৰ ১০ গৰাকী নিৰ্বাচিত শিল্পীৰ কাম প্ৰদৰ্শিত হৈ আছে। প্ৰদৰ্শনীখনৰ কিউৰেটৰ মুম্বাই নিবাসী শিল্পী নীলেশ কিংকলেৰ সৈতে প্ৰদৰ্শনীখনৰ বিষয়ে আমাৰ প্ৰতিনিধিৰ সৈতে হোৱা কথা বতৰাত তেওঁ জনায় যে নিপন আৰ্ট গেলেৰীৰ ক্ষুদ্ৰ ১০০ বৰ্গফুটৰ ঠাই টুকুৰাত অভিনৱ এক কৰ্মসূচীৰ আয়োজনৰ কথা পৰিকল্পনা কৰিয়েই ডাক টিকটৰ আৰ্হিত এই প্ৰদৰ্শনীখন ৰূপায়িত হয়।
উল্লেখযোগ্য যে, ভাৰতকে লৈ মুঠ ১১ খন দেশৰ আঢ়ৈশৰো অধিক বিভিন্ন পৰীক্ষা নিৰীক্ষাৰে কৰা শিল্পকৰ্মসমূহে কলাৰসিকক এক নতুন সোৱাদ দিবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষৰ আগশাৰীৰ শিল্পী যোগেন চৌধুৰী, যতিন দাস, ৰিয়াজ কেমুৰ পৰা আৰম্ভ কৰি যুৱ প্ৰজন্মৰ বহু শিল্পীৰ শিল্পকৰ্ম প্ৰদৰ্শনীখনত প্ৰদৰ্শিত হৈছে।
বৰ্তমান সমাজত প্ৰতিটো দিশতে দেখা দিয়া দুৰ্নীতি, গা এৰা দিয়া ভাবক, থুক লগানা মানা হে - ৰ জড়িয়তে কিউৰেটৰে এক প্ৰশ্ন উত্থাপন কৰিবলৈ বিচাৰিছে বুলি জনাইছে। আগৰদিনত ডাকটিকটৰ আঠা হিচাবে প্ৰেৰকে নিজৰ জিভাৰে থুই লগাই দিয়া দৃশ্য আমি হয়তো সকলোৱে মনত পেলাব পাৰোঁ, সেই থুই লগোৱা ডাক টিকট সংলগ্ন চিঠিবোৰ দুৰ দুৰণিলৈ আত্মীয়লৈ প্ৰেৰণ কৰিছিল। এই থুই লগোৱা নিষেধ বাক্যটিক অলপ সামাজিকভাবে, গভীৰভাবে উপলব্ধি কৰাৰ সুযোগ দিব খুজিছে কিউৰেটৰ গৰাকীয়ে। সমাজত ইটোৱে সিটোৰ গা লৈ বোকা ছটিওৱা (হিন্দীত থুকনা) কথাটোৱে আমাৰ উন্নয়নত বাধা হৈ পৰিছে। আনকি শিল্পৰ জগততো বহুধৰণৰ নীতি বিৰুদ্ধ কামেৰে শিল্পৰ প্ৰকৃত উন্নয়ন বাধাগ্ৰস্ত হৈছে।
অনু চিত্ৰ বা মিনিয়েচাৰ চিত্ৰৰ প্ৰদৰ্শনীখনলৈ অসমৰ পৰা আমন্ত্ৰিত শিল্পীসকল হৈছে শিল্পী মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, দিলীপ তামুলী, অতুল চন্দ্ৰ বৰুৱা, চম্পক বৰবৰা, প্ৰবীন কুমাৰ নাথ, মনেশ্বৰ ব্ৰহ্ম, মনিকা দেৱী, অদিতি চক্ৰৱৰ্তী, নিভা দেৱী আৰু উপাসনা বৰা। উদ্যোক্তাসকলে জনোৱা মতে, প্ৰদৰ্শনীখন দেশৰ বিভিন্ন ঠাইত প্ৰদৰ্শিত হ'ব। এতিয়ালৈ জানিব পৰা মতে, বৰোদা, দিল্লী, ক'লকাতা আৰু অসম তথা জাৰ্মানীত প্ৰদৰ্শন কৰিবলৈও আমন্ত্ৰিত হৈছে।
