ভূপেন বৰা সুখী : মাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰস্তাৱকগৰাকীয়ে কি আহ্বান জনালে চৰকাৰক?


 

মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি আনুষ্ঠানিকভাৱে উন্মোচন কৰিবলৈ ওলোৱা কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰিছে ভূপেন বৰাই ৷ মঙলবাৰে নাৰায়ণপুৰৰ ভোগপুৰস্থিত নিজা বাসগৃহত এক সংবাদমেল সম্বোধন কৰি মনৰ ভাৱ প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷


উল্লেখ্য যে, ২০০৫ বৰ্ষত স্বেচ্ছাসেৱী সংস্থা 'সদিচ্ছা'ৰ উদ্যোগত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছিল মাধৱদেৱ বঁটা ৷ উক্ত স্বেচ্ছাসেৱী সংস্থাৰ সভাপতি আছিল ভূপেন বৰা ৷ উক্ত বঁটা প্ৰদান অনুষ্ঠানতে মহাপুৰুষ মাধৱদেৱৰ নামত কলাক্ষেত্ৰ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছিল ভূপেন বৰাই ৷

ইয়াৰ পাচতে সেইসময়ৰ কংগ্ৰেছ চৰকাৰে বিষয়টোত গুৰুত্ব প্ৰদান কৰি নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে ৫ কোটি টকা আৱণ্টন দিছিল ৷ সেই টকাৰে বদলা পদ্মআতা সত্ৰক কেন্দ্ৰস্থল হিচাবে লৈ মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছিল ৷ কলাক্ষেত্ৰখনৰ আধাৰশিলা উন্মোচন কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷

ভূপেন বৰাৰ তৎপৰতাত আৰম্ভ হোৱা মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাত স্বাভাৱিকতেই সুখী হৈছে ভূপেন বৰা ৷ কলাক্ষেত্ৰখন আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ পাচতো কলাক্ষেত্ৰখন অধিক উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব প্ৰদান কৰাৰ আশা প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

লগতে তেওঁ কয় যে উত্তৰ অসমৰ কলা-কৃষ্টি-সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত মাধৱদেৱ কলাক্ষেত্ৰই যাতে বৰঙণি আগবঢ়ায় তাৰ প্ৰতিও গুৰুত্ব দিবলৈ আহ্বান জনাইছে ভূপেন বৰাই ৷

Post a Comment

Previous Post Next Post