বিৰল অস্ত্ৰোপচাৰ, মহিলাৰ পেটৰ পৰা ওলাল ১২ কিলো ওজনৰ চিষ্ট!



 অস্ত্ৰোপচাৰ কৰি এগৰাকী মহিলাৰ ডিম্বাশয়ৰ পৰা ১২ কেজিৰ এটা চিষ্ট আঁতৰাই দিয়া হ’ল ! বিশিষ্ট প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ সুব্ৰত ভট্টাচাৰ্যৰ নেতৃত্বত মেহেৰপুৰৰ শিলচৰ মেডিনোভা ডায়েগ'নষ্টিকছ এণ্ড চাৰ্ভিচেছ হাস্পতালত অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হয় ।


চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে, অস্ত্ৰোপচাৰৰ পিছত বৰ্তমান ৰোগীৰ শাৰীৰিক অৱস্থা সুস্থিৰ । জানিব পৰা মতে, পূৱ শিলচৰ অঞ্চলৰ ২২ বছৰীয়া এগৰাকী মহিলাই ডেৰ মাহৰ আগতে তেওঁৰ পেটটো অস্বাভাৱিক হাৰত বৃদ্ধি হোৱাটো লক্ষ্য কৰিছিল ।

প্ৰথমতে চৰ্বিৰ সমস্যা বুলি ভাবি তেওঁ নিজৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিলে আৰু ওজন কমাবলৈ যোগাসন কৰিবলৈ ধৰিলে । তাৰ পিছত কোনো সুফল নাপালে । ইয়াৰ পিছত আৰম্ভ হয় পেটৰ বিষ । এনে পৰিস্থিতিত মহিলাগৰাকীয়ে স্থানীয় চিকিৎসকৰ আশ্ৰয় লয় ।চিকিৎসকৰ পৰামৰ্শ মতে মহিলাগৰাকীৰ ডিম্বাশয়ৰ ছ’ন’গ্ৰাফী কৰাত এটা প্ৰকাণ্ড চিষ্ট পৰিলক্ষিত হয় । তেওঁক জৰুৰীভাৱে স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল’বলৈ কোৱা হয় । ইয়াৰ পিছত ৰোগীগৰাকী বিশেষজ্ঞ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ সুব্ৰত ভট্টাচাৰ্যৰ ওচৰলৈ যায় । চিকিৎসকগৰাকীয়ে ৰোগীৰ ডিম্বাশয়ত চিষ্ট থকাৰ বিষয়ে নিশ্চিত হোৱাৰ পিছত মেডিনোভা হাস্পতালত ভৰ্তি কৰিবলৈ পৰামৰ্শ দিয়ে ।

সোমবাৰে পুৱাই ডাঃ সুব্ৰত ভট্টাচাৰ্যই অ’টিত প্ৰৱেশ কৰে । ডাঃ দেবাশিস বিশ্বাস, এনাস্থেচিয়া বিশেষজ্ঞ ডাঃ অভিজিৎ তৰাটৰ লগতে মেডিনোভা হাস্পতালৰ সমগ্ৰ কৰ্মচাৰী উপস্থিত থাকে । অৱশেষত এপেণ্ডিক্সৰ লগতে মহিলাগৰাকীৰ পেটৰ পৰা ১২ কেজি ওজনৰ বিশাল চিষ্টটো আঁতৰোৱাত সফল হয় চিকিৎসকসকল ।

Post a Comment

Previous Post Next Post