শুনিবলৈ বেয়া লাগিলেও গাঁও শব্দটো উচ্চাৰণ কৰিলেই চকুৰ সন্মুখত যিখন ছবি ভাহি উঠে, তাৰ মাজতে লুকাই থাকে দাৰিদ্ৰ্য। কিন্তু এখন গাঁও কিমান ধনী হ’ব পাৰে বাৰু? এখন গাঁও ১৩টা বেংক থকা বুলি ক’লে আপুনি বিশ্বাস কৰিবনে?কিন্তু বাস্তৱে বহু সময়ত কল্পনাক হাৰ মনায়। তাৰেই সাক্ষ্য দিয়ে আমাৰ দেশৰ এইখন গাঁৱে। গুজৰাটৰ কচ্চৰ মাধপাৰ। অৱস্থান অনুসৰি কচ্চৰ জিলা সদৰ ভূজৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ দূৰত আছে মাধাপাৰ। এই গাঁওখনৰ সমৃদ্ধিয়ে বহু চহৰক পিচ পেলাব।
মাধাপাৰ গাঁওখন কিদৰে সমৃদ্ধিৰ স্বৰ্ণশিখৰ স্পৰ্শ কৰিলে, সেই ৰহস্য লুকাই আছে গাঁওখনৰ লেউৱা পেটেল সম্প্ৰদায়ৰ মাজত। এই প্ৰসংগত মাধাপাৰ গাঁৱৰ লেউৱা পটেল সম্প্ৰদায়ৰ প্ৰধান আৰু প্ৰাক্তন পঞ্চায়ত সদস্য জয়ন্ত ভাই মাধাপাৰিয়াই জনাইছে যে বৰ্তমান নহয়, গাঁৱৰ এই বিকাশ ১৯৩৪ চনৰ পৰাই বিদ্যমান। সেই সময়ত যেতিয়া গাঁৱৰ বিদ্যালয় ভৱনটো নিৰ্মাণ হৈছিল, তেতিয়া দূৰ–দূৰণিৰ পৰা চাবলৈ আহিছিল। অৱশ্যে সেই বিদ্যালয় ভৱন আজি নাই। ভূমিকম্পত সেয়া ক্ষতিগ্ৰস্ত হোৱাত সেই সময়ত অধ্যয়ন কৰা ছাত্ৰসকলে মিলি নতুনকৈ গঢ় দিয়ে।
জয়ন্ত ভাই মাধাপাৰিয়াৰ বক্তব্যৰ পৰা গাঁৱৰ সমৃদ্ধিৰ কাৰণো স্পষ্ট হৈছে। তেওঁ জনায় যে বহুদিন পূৰ্বৰে পৰা গাঁৱৰ লেউৱা পটেল সম্প্ৰদায়ৰ যুৱকসকলে বিদেশত উপাৰ্জনৰ বাবে ওলাই গৈছিল। আমেৰিকা, ইংলেণ্ড, আফ্ৰিকা, ডুবাই, কানাডাৰ দৰে নানা দেশত তেওঁলোক গুচি গৈছিল সংস্থাপনৰ বাবে। তেওঁলোকৰ উপাৰ্জিত ধনেৰে বিগত ৫ দশক ধৰি চলিছে গাঁওখনৰ উন্নয়ন। জয়ন্ত ভাই মাধাপাৰিয়াই জনাই যে এতিয়া গাঁৱৰ বেংকত সকলো মিলাই ৫০০০ কোটি টকা জমা আছে যদিও পূৰ্বেও অৰ্থৰ পৰিমাণ কম নাছিল। ১৯৭৫ চনতে গাঁওখনৰ ডাকঘৰত জমা আছিল ৫০০ কোটি টকাৰো অধিক। সেই সময়ত সকলোৱে পোষ্ট অফিচত ধন ৰাখিছিল আৰু এতিয়া ৰাখে বেংকত।
স্বাভাৱিকতে আধুনিক জীৱনৰ সকলো সুবিধাৰে ভৰপূৰ মাধপাৰা - বৰ্তমান তাত এক লাখ লোক বাস কৰে। ইয়াৰে অধিকাংশ বাসিন্দা কৃষক। ১৯৭১ চনত পাকিস্তানে যেতিয়া ভূজৰ এয়াৰষ্ট্ৰিপ ধ্বংস কৰে, সেই সময়ত গাঁৱৰ মহিলাসকলে ভাৰতীয় সেনাক ৰানৱে নিৰ্মাণত সহায় কৰিছিল, এই ঘটনাৰ আধাৰতে নিৰ্মাণ হৈছে সোণাক্ষী সিনহা আৰু অজয় দেৱগণৰ অভিনীত ভূজ : দ্য প্ৰাইড অব ইণ্ডিয়া।
