মঙলবাৰৰ দিনটো অসমৰ উদ্যোগিক ক্ষেত্ৰখনৰ বাবে এক স্মৰনীয় দিন। মঙলবাৰে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৯ টা উদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি সম্পাদিত হয়।
১০ মেত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি, সেয়ে অসম চৰকাৰৰ এই ২বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে গ্ৰহণ কৰা হৈছে বিভিন্ন কৰ্মসূচী। তাৰে অংশ হিচাপে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ আৰু ৯ টা ব্যক্তিগত খণ্ডৰ উদ্যোগৰ সৈতে সম্পন্ন হয় বুজাবুজি চুক্তি। ৮ হাজাৰ ২০১ কোটি টকাৰ বিনিয়োগকাৰীয়ে অসমৰ বিভিন্ন স্থানত মেগা ইণ্ডাষ্ট্ৰিয়েল প্ৰকল্প স্থাপন কৰিব। ইলেকট্ৰনিক গাড়ী নিৰ্মাণ উদ্যোগ, তিনিটা চিমেণ্ট উদ্যোগ, আইফোন নিৰ্মাণ প্লাণ্ট , pepsi , lays আৰু চিপছ কাৰখানাৰ উদ্যোগকাৰীৰে বুজাবুজি স্বাক্ষৰ সম্পাদিত হ'ল অসম চৰকাৰৰ। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগীয় মন্ত্ৰী বিমল বৰা, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, অজন্তা নেওগ, জয়ন্ত মল্ল বৰুৱা, ইউজি ব্ৰহ্ম, যোগেন মোহন আৰু সঞ্জয় কিষানো উপস্থিত থাকে।
