লক্ষাধিক টকাৰ সামগ্ৰী চুৰ কৰি চোৰে লিখি থৈ গ'ল– "I love you, মই চোৰ''


 

চোৰ হ'লেও আছে অন্তৰত মৰম। চুৰি কাৰ্য সংঘটিত কৰি সেয়ে চোৰে লিখি থৈ যায় কিবা এটা। অলপতে মঙলদৈত গাড়ী চুৰ কৰি চোৰে বেৰত লিখি থৈ যোৱাৰ দৰে কামৰূপ–দৰঙৰ সীমামূৰীয়া লেঙা কুৰুৱাত কালি নিশা চুৰি কাৰ্য সমাপন কৰি চোৰে বোৰ্ডত লিখি থৈ গ'ল বাৰ্তা। কিন্তু এইবাৰৰ চোৰ আছিল এখোপ চৰা।


লেঙা কুৰুৱা আদৰ্শ হাইস্কুলত চোৰে লুটি লৈ গ'ল বিদ্যালয়খনৰ কেইলাখ টকাৰ মূল্যৱান সামগ্ৰী। এই সামগ্ৰীৰ তালিকাত আছে ১১খন চিলিং ফেন, ৪টা কম্পিউটাৰ, ৪টা পানী মটৰ, ১.৫ লাখ টকাৰ বাচন–বৰ্তন, ২টা পানী ফিল্টাৰ, ২টা গেছ চিলিণ্ডাৰ, খেলৰ সামগ্ৰী, হাৰমণিয়াম, তবলা, মূল্যৱান চকী। চোৰে লগতে বিদ্যালয়খনত মজুত কৰি ৰখা কুৰুৱা ৰাস মহোৎসৱৰ সকলো সামগ্ৰী চুৰ কৰে। চুৰি কাৰ্য সংঘটিত কৰি চোৰে বিদ্যালয়ৰ বোৰ্ডত লিখিলে– "I love you, মই চোৰ।''

লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি উঠি চোৰে ভুক্তভোগীৰ প্ৰতি লিখি থৈ যোৱা বাৰ্তা এতিয়া সকলোৰে বাবে আমোদৰ কাৰক হৈ উঠিছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ৰাইজে আশা ৰাখিছে মঙলদৈৰ গাড়ী চোৰৰ দৰে এইজনা প্ৰেমিক চোৰো যেন সোনকালে ধৰা পৰে।

Post a Comment

Previous Post Next Post