কেকেআৰৰ বিৰুদ্দে মাত্ৰ ১৩টা বলত অৰ্ধশতৰান কৰিলে যশস্বী জয়ছোৱালে। তাৰ ভিতৰত ৬টা চাৰি আৰু তিনিটা ছয় কোবায় তেওঁ। কে এল ৰাহুলৰ ১৪ বলত কৰা ৫০ৰ অভিলেখ ভংগ কৰিলে ৰাজস্থান ৰয়েলছৰ খেলুৱৈগৰাকীয়ে।
আইপিএলৰ ইতিহাসত আটাইতকৈ কম সময়ত অৰ্ধশতৰান কৰে যশস্বীয়ে। মাত্ৰ ২.৫ অভাৰত অৰ্ধশতৰান কৰে তৰুণ বাওঁহতীয়া বেটছমেনগৰাকীয়ে। কে এল ৰাহুলেও ইনিংছৰ ২.২৫ অভাৰত সংগ্ৰহ কৰিছিল অৰ্ধশতৰান।নীতিশ ৰানাৰ প্ৰথম অভাৰত ২৬ ৰান কৰে যশস্বীয়ে। আইপিএলৰ ইতিহাসত এজন বেটছমেনে প্ৰথম অভাৰত কৰা এয়া সৰ্বোচ্চ ৰান। ইয়াৰ পূৰ্বে পৃথ্বী শ্ব’ই ২০২১ত শিৱম মাভিৰ প্ৰথম অভাৰত ২৪ ৰান কৰিছিল।লক্ষ্য অনুসৰণ কৰি কেকেআৰৰ বিৰুদ্ধে প্ৰথম অভাৰত কৰা ২৬ ৰান আইপিএলৰ ইতিহাসত দ্বিতীয় সৰ্বোচ্চ। যিটো আহিছে যশস্বীৰ বেটৰ পৰা। ২০১১ চনত মুম্বাইৰ বিৰুদ্ধে ২৭ ৰান কৰিছিল আৰচিবিয়ে।
যশস্বীৰ তাণ্ডৱত ৰাজস্থানে ৫০ ৰান অতিক্ৰম কৰে ২.৪ অভাৰত। যিটো আইপিএলৰ দ্বিতীয় দ্ৰুততম গলগত ৫০। ইয়াৰ পূৰ্বে ২০১১ চনত কোটি টাস্কাৰ্ছে ২.৩ অভাৰত ৫০ ৰান কৰিছিল।এতিয়ালৈ আইপিএলত ৫৭৫ ৰান কৰিছে যশস্বীয়ে। যিটো জাতীয় দলৰ হৈ নেখেলা কোনো ক্ৰিকেটাৰৰ সৰ্বোচ্চ ৰান। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ঈশান কিষাণৰ। ২০২০ চনত ইশান কৰিছিল ৫১৬।
