শ্বুটিং বিশ্বকাপত ৰূপৰ পদক লাভ কৰি পুনৰ গৌৰৱ কঢ়িয়াই আনিলে হৃদয় হাজৰিকাই

 


ভাৰতৰ লগতে অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে যুৱ শ্বুটাৰ হৃদয় হাজৰিকাই ৷ শ্বুটিং বিশ্বকাপত ৰূপৰ পদক লাভ কৰি যুৱ শ্বুটাৰগৰাকীয়ে পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে অসম মাতৃক ৷ ১১ জানুৱাৰীৰ পৰা ইণ্টাৰনেশ্যনেল শ্বুটিং স্পৰ্ট ফেডাৰেশ্যনৰ দ্বাৰা আয়োজিত বিশ্বকাপ খেলৰ আজাৰ্বিজান বাকুত অনুস্থিত ৰাইফল শ্বুটিঙত হৃদয়ে লাভ কৰিলে ৰূপৰ পদক ৷


শুকুৰবাৰে অনুষ্ঠিত শ্বুটিং প্ৰতিযোগিতাত হৃদয় হাজৰিকাই ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে হাংগেৰীৰ জালান পেকলাৰে সোণৰ আৰু চীনৰ লিহাও ছেঙে ব্ৰঞ্জৰ পদক লাভ কৰে ৷

শ্বুটিং বিশ্বকাপৰ ১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড টীম ইভেণ্টত অসম সন্তান হৃদয় হাজৰিকাই ৰূপৰ পদক লাভ কৰাৰ পাচত জন্মস্থান নাৰায়ণপুৰত আনন্দৰ বন্যা বোৱাৰ লগতে ভিন্নজনে অভিনন্দন জ্ঞাপন কৰিছে যুৱ শ্বুটাৰগৰাকীক । উল্লেখ্য যে, আই এছ এছ এফ বাকু বিশ্বকাপলৈ ভাৰতে ৩৪ জনীয়া এটা দল প্ৰেৰণ কৰিছিল ৷

Post a Comment

Previous Post Next Post